NORTHEAST NOW (Assamese)
অসম

kangaroo courts এইবাৰ সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াক এজাউৰি দিলে মুখ্য ন্যায়াধীশ ৰামানাই

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 23, 2022 7:31 pm

বহুক্ষেত্ৰত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা স্পষ্টবাদী ব্যক্তি বুলি পৰিচিত হৈ পৰিছে। তেওঁ ইতিমধ্যে চৰকাৰৰো বহু ভুল আঙুলিয়াই দি চৰকাৰক তিৰস্কাৰ কৰিছে। শেহতীয়াকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই আকৌ এবাৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হ’ল।

মুখ্য ন্যায়াধীশ গৰাকীয়ে আজি স্পষ্ট ভাবে অভিযোগ কৰে যে খাপ পঞ্চায়তৰ দৰেই বহু সংবাদ মাধ্যমে কাম কৰি আছে। সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ এই ভূমিকাই গণতন্ত্ৰক আৰু পিছুৱাই নিব বুলি ৰামানাই মন্তব্য কৰে। প্ৰাক্তন বিজেপি নেতা নুপুৰ শৰ্মাই পয়গম্বৰৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সমালোচনাৰ সন্মুখীন হৈছিল। তেতিয়াই সামাজিক মাধ্যমত বিচাৰকসকলৰ ভূমিকাকলৈ সমালোচনা আৰম্ভ হৈছিল। এনেবোৰ কাৰণতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী ক্ষুব্ধ হৈ পৰিছিল।

আজি তেওঁ পুনৰ একেটা বিষয় উত্থাপন কৰে। ন্যায়াধীশ ৰমনাই শনিবাৰে ৰাঁচীৰ ৰাষ্ট্ৰীয় অধ্যয়ন আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত ‘ন্যায়াধীশ এছ বি সিনহা স্মাৰক বক্তৃতা’ ‘লাইফ অফ এ জাজ’ত উদ্বোধনী ভাষণ প্ৰদান কৰে। তাতেই তেওঁ সংবাদ মাধ্যমক সমালোচনা কৰে। খাপ পঞ্চায়তে যিদৰে কেতবোৰ বিষয়ত অদ্ভুত সিদ্ধান্তত উপনীত হয়, ঠিক তেনেদৰে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমেও বহু সময়ত একে ভূমিকা পালন কৰা বুলি তেওঁ মন্তব্য কৰে।

একাংশ নেটিজেনক উদ্দেশ্যি ৰামানাই লগতে কয় যে তেওঁলোক পক্ষপাতদুষ্ট, অৰ্ধ-জ্ঞানী। মুখ্য ন্যায়াধীশে অভিযোগ কৰে যে তেওঁলোকে এক নিৰ্দিষ্ট কাৰ্যসূচী সন্মুখত ৰাখি বিচাৰকসকলৰ বিৰুদ্ধে গৈ আছে। ন্যায়াধীশসকলৰ বিৰুদ্ধে নিৰন্তৰ অপবাদ সন্দৰ্ভত ন্যায়াধীশ ৰমনাই কয়, “কিছুমান লোকে ছ’চিয়েল মিডিয়াত ন্যায়াধীশসকলৰ বিৰুদ্ধে নিৰন্তৰ অপপ্ৰচাৰ চলাই আছে। বিচাৰকসকলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। কিন্তু ইয়াক আমাৰ অসহায়তা বা দুৰ্বলতা বুলি নাভাবিব। “

মুখ্য ন্যায়াধীশে এইটোও কয় যে সংবাদ মাধ্যমৰ বিচাৰে ন্যায়িক প্ৰক্ৰিয়াকো প্ৰভাৱিত কৰিছে। তেওঁ কয়, “সংবাদ মাধ্যমসমূহে খাপ পঞ্চায়ত স্থাপন কৰিছে। তেওঁলোকে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে যে বহুক্ষেত্ৰত অভিজ্ঞ বিচাৰকসকলৰ বাবেও সিদ্ধান্ত লোৱা কঠিন হৈ পৰিছে। ন্যায়াধীশ ৰামানাৰ ভাষাত, “সংবাদ মাধ্যম আৰু নেটিজেনসকলৰ দায়িত্বহীন আচৰণে গণতন্ত্ৰক আৰু পিছলৈ ঠেলি দিছে।”