NORTHEAST NOW (Assamese)
অসম

Russia-Ukraine war তেজ-ধোঁৱা-গুলী-বাৰুদৰ মাজেৰে ১৫০ দিনত ভৰি দিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 23, 2022 8:13 pm

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আজি ১৫০ টা দিনত প্ৰৱেশ কৰিলে। হাজাৰ হাজাৰ মানুহৰ প্ৰাণ নাশ ঘটোৱা এই যুদ্ধ অৱশ্যে শাম কটাৰ কোনো লক্ষণেই দেখা যোৱা নাই।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শস্য ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ বাবে কৃষ্ণ সাগৰৰ বন্দৰ সমূহ পুনৰ খোলাৰ চুক্তি স্বাক্ষৰ কৰাৰ এদিন পিছতে ৰাছিয়াৰ মিছাইলে ইউক্ৰেইনৰ ওডেচা বন্দৰৰ আন্তঃগাঁথনিত আঘাত কৰিছে বুলি জানিব পৰা গৈছে।ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে শেহতীয়াকৈ দেশ খনৰ ৰে’লৱেৰ আন্তঃগাঁথনি আৰু ইউক্ৰেইনৰ কেন্দ্ৰীয় কিৰোভোহৰাদ অঞ্চলৰ এটা সামৰিক বিমানক্ষেত্ৰত ৰাছিয়াই চলোৱা তেৰটা বিমান আক্ৰমণত কমেও তিনিজন লোক নিহত হৈছে।

ব্ৰিটেইনৰ সামৰিক চোৰাংচোৱাই প্ৰকাশ কৰা মতে যোৱা ৪৮ ঘণ্টাত ইউক্ৰেইনৰ বাহিনীয়ে ডিনিপাৰ নদীৰ পশ্চিমে খেৰচন প্ৰদেশত ৰাছিয়াৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰখাৰ বাবে তীব্ৰ যুঁজ দিছে।

কিয়েভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে কৈছে যে মস্কোক বন্দৰ চহৰ ওডেছাত চলোৱা আক্ৰমণৰ বাবে দায়ী কৰা উচিত। ইউক্ৰেইনে আহ্বান জনাইছে ৰাষ্ট্ৰসংঘ আৰু তুৰ্কীয়ে নিশ্চিত কৰিব যে ৰাছিয়াই ইউক্ৰেইনৰ কৃষ্ণ সাগৰ বন্দৰৰ পৰা শস্য ৰপ্তানিৰ বাবে এক সুৰক্ষিত কৰিডৰ নিশ্চিত কৰিব লাগিব।। হাংগেৰিৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবানে কৈছে যে ইউক্ৰেইনৰ যুদ্ধৰ ক্ষেত্ৰত ইউৰোপীয় ইউনিয়নক এক নতুন ৰণনীতিৰ প্ৰয়োজন ।

কিয়নো মস্কোৰ বিৰুদ্ধে নিষেধাজ্ঞাই কোনো কাম কৰা নাই। আফ্ৰিকান ইউনিয়নে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত হোৱা শস্য ৰপ্তানিৰ গুৰুত্বপূৰ্ণ চুক্তিক প্ৰশংসা কৰিছে। এই চুক্তিয়ে কিয়েভক কৃষ্ণ সাগৰৰ মাজেৰে শস্যৰ ৰপ্তানি পুনৰ আৰম্ভ কৰিবলৈ আৰু বিশ্বব্যাপী হ’ব পৰা খাদ্য সংকটৰ পৰা সকাহ দিয়াত সহায় কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ বাবে আৰু ২৭০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে, যাৰ ভিতৰত আছে অত্যাধুনিক ড্ৰোনৰ যোগানো।