NORTHEAST NOW (Assamese)
অসম

কাৰ্বি আংলঙৰ পাহাৰত চোৰাংচিকাৰীৰে নিৰস্ত্ৰ বনৰক্ষীৰ যুঁজ; বন্দুকসহ গুলী-বাৰুদ উদ্ধাৰ

Posted by: বিদ্যুত জ্যোতি বৰা December 11, 2018 10:54 pm
Forest guards

নগাঁও আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী পাৰ্কোপ পাহাৰ অঞ্চলত বনৰক্ষী আৰু চোৰাংচিকাৰীৰ মাজত সংঘটি এক হতাহতিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত যে চোৰাংচিকাৰীৰ মুক্ত বিচৰণ অব্যাহত আছে সেই কথা পোহৰলৈ অানিছে।

প্ৰাপ্ত তথ্য মতে কাৰ্বি আংলং জিলাৰ পূব বনসংমণ্ডলৰ অধীনৰ উত্তৰ-পশ্চিম পাৰ্কোপ পাহাৰ ৰেঞ্জৰ অন্তৰ্গত ৰিচোৱাংলং পাহাৰত কালি নিশা নিৰস্ত্ৰ দুই বনকৰ্মী ক্ৰমে ডন বৰা আৰু অলক মিত্ৰই তহলদাৰী কৰি থকা অৱস্থাত হঠাৎ হাতত বন্দুক আৰু দা লৈ থকা তিনিজন চোৰাংচিকাৰীৰ সৈতে মুখামুখি হয়।

চোৰাংচিকাৰীৰ দলটোক দেখা পাই বনকৰ্মী দুজনে সাহসেৰে এজন চোৰাং চিকাৰীৰ হাতৰ পৰা বন্দুক কাঢ়ি লোৱাৰ লগতে আন এজনৰ পৰা দা কাঢ়ি ল‘বলৈ যাওঁতেই হতাহতি লাগে। ফলত দাৰ আঘাতত এজন বনকৰ্মী আহত হয়।

পিছত আন্ধাৰৰ সুযোগ লৈ তিনিজনীয়া চোৰাংচিকাৰী দলটোৱে তাৰ পৰা পলাই যাই যদিও বনৰক্ষী দুজনে উক্ত স্থানৰ পৰা এটা এক নলী হস্তনিৰ্মিত বন্দুক, তিনি জাঁই খালি কাৰ্টিজ, এটা সক্ৰিয় গুলী আৰু দুখন দা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে তেওঁলোক ওভতি অহাৰ পথত পুনৰ আন এজন চোৰাংচিকাৰীৰ মুখামুখি হোৱাত উক্ত চিকাৰীজনে বনকৰ্মী দুজনক দেখা পায় হাতৰ বন্দুক এৰি পলায়ন কৰে বুলি বনকৰ্মী দুজনে জানিবলৈ দিয়ে।

আজি দুটা বন্দুকসহ উদ্ধাৰ হোৱা সামগ্ৰীখিনি বনকৰ্মী দুজনে লাংখাং আৰক্ষী থানাত চমজাই দিয়ে বুলি জানিব পৰা গৈছে। বনৰক্ষী দুগৰাকীয়ে সাহসেৰে চোৰাংচিকাৰীৰ দলক প্ৰতিহত কৰি দুটাকৈ মাৰণাস্ত্ৰ জব্দ কৰা কাৰ্যক স্থানীয় ৰাইজে প্ৰশংসা কৰে।