NORTHEAST NOW (Assamese)
অসম

নগাঁও প্ৰশাসন আৰু টেম্প’ চালকৰ সংঘাতে সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা June 24, 2019 5:12 pm
VideoCapture_20190624

নগাঁও প্ৰশাসন আৰু টেম্প’ চালকৰ সংঘাতে জলাকলা খুৱাইছে একাংশ সৰ্বসাধাৰণ যাত্ৰী তথা ছাত্ৰ-ছাত্ৰীক। নগাঁও জিলাৰ উৰিয়াগাঁও, পুৰণিগুদাম, চামগুৰি আদি ঠাইৰ টেম্প’ চালকে সোমবাৰৰ পৰা আৰম্ভ কৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ বাবে অঞ্চলটোত টেম্প’ সমূহৰ চলাচল ব্যাহত হৈ পৰাৰ ফলতেই সৃষ্টি হৈছে এই পৰিস্থিতিৰ।

উল্লেখ্য যে, নগাঁও প্ৰশাসনে চহৰখনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে চহৰখনৰ ভিতৰৰ উপপথৰে টেম্প’ সমূহ উভতি যাবৰ বাবে নতুনকৈ জাৰি কৰা নিৰ্দ্দেশনাৰ ফলত টেম্প’ৰে যাতায়াত কৰা যাত্ৰীসকলৰ লগতে চামগুৰি তথা পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলৰ পৰা নগাঁও চহৰলৈ নিতৌ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইফালে নগাঁও প্ৰশাসনৰ এই সিদ্ধান্তৰ ফলত চূড়ান্ত ভাৱে অসন্তুষ্ট হৈ পৰিছে টেম্প’ চালক সকল। আনহাতে নগাঁৱৰ পুৰণিগুদামৰ কেঞাপট্টীত পুৱাৰে পৰা অৱস্থান ধৰ্মঘট কৰা একাধিক টেম্প’ সহ চালক সকলে নগাঁও প্ৰশাসনে টেম্প’ চলাচলৰ ক্ষেত্ৰত জাৰি কৰা নতুন নিৰ্দেশনা পুনৰ বিবেচনাৰ বাবে প্ৰশাসনক আহ্বান জনায়।

উল্লেখ্য যে পৰৱৰ্তী সময়ত প্ৰশাসনৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে ক্ষুভিত টেম্প’ চালকসকলে।