ক’ৰ’ণাৰ সংহাৰ: দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ আহ্বান জনাই ১ লাখ শিক্ষাৰ্থীৰ পত্ৰ
কোভিডৰ দ্বিতীয়টো ঢৌৱে কোৱাই গৈছে সমগ্ৰ দেশকে। এনে পৰিস্থিতিত দেশৰ কেইবাখনো ৰাজ্যত বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান সমূহ।
বহু ৰাজ্যত নৈশ সান্ধ্য আইন ঘোষণা কৰাৰ লগতে ছট্টিশগড়ৰৰ দৰে ৰাজ্যত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন।
এনে সময়তে কোভিড সংক্ৰমণৰ আশংকা কৰিয়েই দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই এখন পত্ৰত স্বাক্ষৰ কৰিছে।
এই সকল ছাত্ৰ-ছাত্ৰীয়ে হয় দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিব লাগে অথবা অনলাইনৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাইছে।
শেহতীয়াকৈ টুইটাৰত “cancelboardexams2021” হেছটেগ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা বাতিলৰ বাবে জনমত গঠন কৰাৰ চেষ্টা চলাইছে।
এনে জাগৰণৰ প্ৰতি দেশৰ কেইবা লাখ ছাত্ৰ-ছাত্ৰীয়ে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।
ইপিনে একাংশ ছাত্ৰ-ছাত্ৰীয়ে এনে দাবী জনোৱাৰ সময়তে চিবিএছই আৰু কাউন্সিল ফ’ৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেটেএইবুলি স্পষ্ট কৰি দিছে যে পৰীক্ষাৰ সময়ত কোভিড প্ৰ’টোকল সম্পূৰ্ণ ভাবে মানি চলাৰ বিষয়ত গুৰুত্ব দিয়া হ’ব।
ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ দিশটো কোনো পধ্যে উলাই কৰা নহ’ব বুলি চিবিএছই-এ স্পষ্ট কৰি দিছে।
কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে একাধিক ৰাজ্যই নৱম আৰু একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰি সকলো শিক্ষাৰ্থীকে ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়াৰ সিদ্ধান্ত লৈছে।