NORTHEAST NOW (Assamese)

বেপাৰ বেয়া! ভাল হোৱা নাই খেতি : জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে চাহশিল্পত

May 14, 2024 8:27 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 14, 2024 7:26 pm

চলিত বৰ্ষত ভাল হোৱা নাই চাহ খেতি। জলবায়ু পৰিবৰ্তন, বিত্তীয় সংকট, শ্রমিকৰ সমস্যা, অনুপযুক্ত বতৰ আদি বিভিন্ন কাৰকৰ ফলত অসমকে ধৰি সমগ্ৰ ভাৰততে হ্ৰাস পাইছে চাহ উৎপাদন।

টি ব’র্ডে জানিবলৈ দিয়া মতে, এই বছৰত চাহৰ উৎপাদন ১৩ নিযুত কিলোগ্রাম হ্রাস পাইছে।

অসম আৰু দার্জিলিঙত উৎপাদন প্রায় ২১ নিযুত কিলোগ্রাম হ্রাস পাইছে। এই উৎপাদন হ্ৰাসৰ বাবে জলবায়ু পৰিৱৰ্তনেই দায়ী বুলি জনাইছে টি বৰ্ডে।

বৰ্ডে জনোৱা মতে কেৱল চাহৰ উৎপাদনেই হ্ৰাস হোৱা নাই। চলিত বৰ্ষত চাহৰ মূল্যও বজাৰত হ্ৰাস পাইছে। চাহৰ উৎপাদন আৰু মূল্য হ্রাসে উৎপাদনকাৰীসকলক বিত্তীয় সংকটৰ দিশে ঠেলি দিছে।

এই সংকটৰ বাবে এতিয়া চাহ উৎপাদনকাৰীসকলক বিত্তীয় সাহাৰ্য্য প্ৰদানৰ বাবে চৰকাৰক অনুৰোধ জনাইছে টি বোৰ্ডে।

Related News