NORTHEAST NOW (Assamese)
অসম

জাকাৰ্তাতকৈও ভয়ংকৰ ট্ৰেজেদিৰ পৰা কথমপি ৰক্ষা গুৱাহাটী সংযোগী ২খন বিমানৰ

Posted by: এন ই নাও নিউজ November 1, 2018 7:46 pm
IndiGo-Airways-271216-1

ইন্দ’নেছিয়াৰ জাকাৰ্তাত দুদিন পূৰ্বে সংঘটিত বিমান দুৰ্ঘটনাৰ দুঃ স্মৃতি নৌ যাওঁতেই বাংলাদেশৰ আকাশত ভয়াৱহ দুৰ্ঘটনাৰ পৰা বুধবাৰে আবেলি কথমপি ৰক্ষা পৰিছে গুৱাহাটী-সংযোগী ইণ্ডিগ’ এয়েৰলাইনছৰ দুখন বিমান।

বাংলাদেশৰ ৰাজশ্বাহীৰ শ্বাহ মাখদুম বিমান বন্দৰৰ এয়েৰ ট্ৰেফিক কন্ট্র’লৰ ভুল ছিগনেলৰ বাবে ভাৰতীয় সময় মতে আবেলি ৫.১০ বজাত বিমান দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ উপক্ৰম হৈছিল। কিন্তু ক’লকাতা এয়েৰ ট্ৰেফিক কন্ট্র’লে ভুল ধৰা পেলাই তৎপৰতাৰে বাংলাদেশৰ বন্দৰটোক অৱগত কৰাত ৰক্ষা পৰে দুয়োখন বিমান।

দুৰ্ঘটনাৰ মুখত পৰা বিমান দুখনৰ এখন গুৱাহাটীৰ পৰা ক’লকাতামুখী (নং 6E 856) আৰু আনখন চেন্নাইৰ পৰা গুৱাহাটীমুখী (নং 6E 571) আছিল।

দুখন বিমানৰ মাজত সৌভাগ্যক্ৰমে হাত সৰা এই দুৰ্ঘটনাটো শেহতীয়াকৈ জাকাৰ্তাত সংঘটিত বিমান দুৰ্ঘটনাটোতকৈও ভয়াৱহ হ’লহেঁতেন।

জাকাৰ্তাৰ পৰা উৰণৰ কেই মুহূৰ্ত মানৰ পিছতে সাগৰত পতিত হোৱা লায়ন এয়েৰৰ দুৰ্ঘটনাটোত ১৮৯ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল।

জাকাৰ্তাত লায়ন এয়েৰৰ দুৰ্ঘটনাই বিমানৰ নিৰাপত্তাক লৈ বিশ্বজোৰা উদ্বিগ্নতা সৃষ্টি কৰিছিল।

ইন্দ’নেছিয়ান কোম্পানিটোৰ বিমান দুৰ্ঘটনাৰ পিছতেই ভাৰতকে ধৰি এছিয়াৰ দেশত চলা কম খৰচী বিমান সমূহৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল।

৪১.৩ শতাংশ বজাৰ অংশীদাৰিত্বৰে ইন্দিগ’ এয়েৰলাইনছ ভাৰতৰ বৃ্হত্তম আৰু এছিয়াৰ ৭ম বৃ্হৎ বিমান পৰিবহণ কোম্পানি।