NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : বিদ্যালয়-মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ ১৫ ডিচেম্বৰৰ পিছত অনুষ্ঠিত কৰাৰ আহ্বান

Posted by: এন ই নাও নিউজ November 1, 2018 7:53 pm
পঞ্চায়ত নিৰ্বাচন : বিদ্যালয়-মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ ১৫ ডিচেম্বৰৰ পিছত অনুষ্ঠিত কৰাৰ আহ্বান

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া ১৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আজি এক প্ৰেছ বিবৃতিযোগে জনাইছে।

ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে এই বিষয়ত শিক্ষা বিভাগকে ধৰি অন্যান্য সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষৰ লগত হোৱা আলোচনা মৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগক ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ হ’বলগীয়া পৰীক্ষাসমূহ ১৫ ডিচেম্বৰৰ পিছত অনুষ্ঠিত কৰাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে।

ভাৰতীয় গণতন্ত্ৰৰ এক তৃণমূল পৰ্যায়ৰ অনুষ্ঠান পঞ্চায়তসমূহৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাত সহযোগ কৰাৰ উদ্দেশ্যে সমূহ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ৰাজ্যিক নিৰ্বাচন আয়োগে এই  অনুৰোধ জনাইছে।