NORTHEAST NOW (Assamese)
অসম

যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানত আক্ৰমণ পাকিস্তানৰ; ৩ ক্ৰিকেটাৰকে ধৰি নিহত ১০জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2025 8:27 am

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানে আফগানিস্তানত বিমান আক্ৰমণ চলাইছে। আফগানিস্তানে দাবী কৰিছে যে এই আক্ৰমণৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হৈছে।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি তালিবানৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে ‘পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছে। আৰু পাকতিকাৰ তিনি ঠাইত বোমা নিক্ষেপ কৰিছে। আফগানিস্তানে প্ৰতিশোধ ল’ব।’

প্ৰাদেশিক চিকিৎসালয়খনৰ এজন বিষয়াইও নাম প্ৰকাশ নকৰাৰ চৰ্তত জনোৱা মতে, মৃত্যু হোৱা লোকসকলৰ ভিতৰত দুটি শিশুও আছে।

তদুপৰি, আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে জনাইছে যে পাকিস্তানৰ আক্ৰমণত তিনিজন ক্ৰিকেটাৰ নিহত হৈছে। পাকিস্তান সীমান্তৰ সমীপৰ অঞ্চললৈ গৈ প্ৰীতি মেচত খেলিছিল। সেই সময়ত পাকিস্তানৰ আক্ৰমণত তেওঁলোকৰ মৃত্যু হয়।

ক্ৰিকেটাৰ তিনিগৰাকীকে ধৰি পাকিস্তানৰ আক্ৰমণত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে ক্ৰিকেটাৰ ৰছিদ খানে। আৰু আফগান ব’ৰ্ডে জনাইছে যে পাকিস্তানৰ সৈতে খেলিবলগীয়া ত্ৰিদেশীয় ছিৰিজৰ পৰা আঁতৰি আহিছে।

ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আফগানিস্তানত পাকিস্তানৰ আক্ৰমণৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাই। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে হোৱা বৈঠকৰ সময়ত তেওঁ কয় যে, “যদিও মই জানো যে পাকিস্তানে (আফগানিস্তান) আক্ৰমণ কৰিছে বা আফগানিস্তানত আক্ৰমণ চলি আছে… যদি মই ইয়াৰ সমাধান কৰিব লাগে, তেন্তে মোৰ বাবে ই এক অতি সহজ বিষয় হ’ব।”