NORTHEAST NOW (Assamese)

ভংগ হ’ব আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা! : কি ইংগিত মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ?

January 12, 2019 2:31 pm · কল্পজ্যোতি শইকীয়া
Updated: January 12, 2019 9:08 pm

সুদীৰ্ঘ দিন ধৰি চলি অহা কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা হঠাৎ স্তব্ধ হৈ ৰ’ব নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই  স্তব্ধ হ’ব নেকি এই আলোচনা ? অসমৰ সাম্প্রতিক পৰিস্থিতিত সেই প্ৰশ্নৰ সূচনা হৈছে সচেতন মহলত।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা আলোচনা বন্ধ হোৱাটোৰে একপ্ৰকাৰৰ ইংগিত দিয়ে আলোচনাপন্থী আলফা নেতা তথা খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক মৃণাল হাজৰিকাৰ লগতে জীতেন দত্তইয়ো।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, আলফা নেতা অৰবিন্দ ৰাজখোৱা, মৃণাল হাজৰিকা, অনুপ চেতিয়া আৰু জীতেন দত্তৰ নেতৃত্বত চলি থকা শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই সঠিক ৰূপত চলি থকা বুলি দাবী কৰিছিল কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে। তেওঁ লগতে আলফাৰ দাবী সমূহ ‘সঠিক’ বুলিও সেইদিনা সংবাদমেলত সদৰী কৰিছিল।

লগতে পঢ়ক– উদ্বিগ্নতা হীৰেন গোহাঁই, কংগ্ৰেছ, আছুৰ

ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়কখনে এই শান্তি আলোচনাত চৰম ব্যাঘাত জন্মাইছে।

‘’কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফাৰ আলোচনা বন্ধ হোৱাৰ সম্ভাৱনা আছে,’‘-নৰ্থ ইষ্ট নাওৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয় হাজৰিকাই। নাগৰিকত্ব সংশোধনী বিধেয়কখনেই ‘আলোচনা বন্ধ’ হোৱাৰ মূল কাৰণ হ’ব বুলিও উল্লেখ কৰে হাজৰিকাই।

‘’এই বিষয়টো সংগঠনৰ মজিয়াত উত্থাপন কৰিছো। যদি বিধেয়কখন গৃহীত হয়, তেন্তে এই আলোচনাটোৰ প্ৰয়োজনীতা কি আছে?’’- এইদৰে কয় মৃণাল হাজৰিকাই।

হাজৰিকাই লগতে কয়, ‘’আলফাৰ সৃষ্টিৰ আঁৰত এই সমস্যাটোৱেই আছিল। পুনৰবাৰ সেইটোৱেই সৃষ্টি কৰিবলৈ গৈ আছে চৰকাৰে। তাৰ বাবেই যুৱ প্ৰজন্ম আলফালৈ ধাৱমান হৈছে। ভৱিষ্যতে যাতে পুনৰ অসমখন ৰক্তাক্ত নহয়, তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে যাতে লক্ষ্য ৰাখে, এই আহ্বান জনাইছো।‘’

আনহাতে, নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত মৃণাল হাজৰিকাৰ দৰেই এক ইংগিত দিয়ে আলোচনাপন্থী আন এগৰাকী নেতা জীতেন দত্তই।

‘’যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হয়, চুড়ান্ত পৰ্য্যায়ত বিঘ্নিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনা। আলফাৰ কেন্দ্ৰীয় পৰ্য্যায়তো নাগৰিকত্ব সংশোধনী বিষয়টো বিচৰা নাই,’‘-এইদৰে কয় জীতেন দত্তই।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ দিশে গৈ থকাক কেন্দ্ৰ কৰি বহু শিক্ষিত যুৱক ইতিমধ্যে আলফালৈ গৈ আছে। পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱা আৰু অৰুণাভ গগৈ তাৰ জলন্ত উদাহৰণ।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ শান্তি আলোচনাত চুড়ান্ত ব্যাঘাত জন্মাইছে বুলি স্পষ্টীকৰণ দিয়াৰ পাছত প্ৰশ্ন উত্থাপন হৈছে, পুনৰ হাতত অস্ত্ৰ তুলি ল’ব নেকি আলোচনাপন্থী আলফাই?

Related News