ছিকিমত জলাতংক: ডাৱৰ বিস্ফোৰণৰ ফলত বানবিধ্বস্ত ছিকিম
প্ৰকৃতিৰ ৰোষত পৰিছে পাহাৰীয়া ৰাজ্য ছিকিম। ভয়ানক ডাৱৰ বিস্ফোৰণৰ ফলত বানৰ কবলত পৰিছে ৰাজ্যখন। এই বানৰ পৰিণতিত বিধ্বস্ত হৈ পৰিছে পাহাৰীয়া ৰাজ্যখন।
ডাৱৰ বিস্ফোৰণৰ পিছতে তীস্তা নদীৰ জলপৃষ্ঠ ভয়ংকৰ হাৰত বৃদ্ধি পায় আৰু নদীৰ বুকুত জাহ গৈছে বহু পথ তথা দলং। এনে দুৰ্যোগৰ পিছতে ছিকিম কৰ্তৃপক্ষই এক সতৰ্কবাণী জাৰি কৰিছে।
ছিকিমৰ নিম্নভূমি আৰু তীস্তা নদীৰ কাষত বসবাস কৰা লোকসকলক বানপানীৰ বাবে সতৰ্ক কৰি দিয়া হৈছে।তীস্তা নদীৰ পানীয়ে ইতিমধ্যে চিংটাম আৰু ৰংপোৰ দৰে নিম্নভূমিৰ চহৰ ইতিমধ্যে বিধ্বস্ত কৰিছে।
তদুপৰি তীস্তা নদীৰ বাঢ়ি অহা পানীয়ে পূব ছিকিমৰ সিংটামক দক্ষিণ জিলাৰ আদৰ্শ গাঁৱৰ সৈতে সংযোগ কৰা ইন্দ্ৰেনী দলঙো উটুৱাই নিয়ে।
আনহাতে, ছিকিম কৰ্তৃপক্ষই ডিকচু, চিংটাম, ৰংপোৰ দৰে অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে।