হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ
ৰাজহুৱা সেৱা আৰু উন্নয়নত নেতৃত্ব প্রদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে।
লি কুয়ান য়ু ফেল’শ্বিপৰ অংশ হিচাপে মুখ্যমন্ত্ৰীক ছিংগাপুৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দেশৰ বিকাশ আৰু ছিংগাপুৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ দিশত আগবঢ়োৱা অৱদানৰ সন্মান স্বৰূপে এই ফেল’শ্বিপ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে।
ছিংগাপুৰৰ প্রতিষ্ঠাপক প্ৰধানমন্ত্ৰী লি কুয়ান য়ু-এ ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনাৰ্থে লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্রদান কৰি অহা হৈছে। এই ফেল’শ্বিপৰ পৃষ্ঠপোষক হৈছে ছিংগাপুৰৰ প্রধানমন্ত্ৰী।
উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক এই ফেল’শ্বিপৰ বাবে বাচনি কৰা হৈছে। এই ফেল’শ্বিপ লাভ কৰা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী।
উল্লেখ্য যে পূৰ্বে এই ফেল’শ্বিপ প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বৌৰী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পৰিকল্পনা আয়োগৰ প্রাক্তন উপাধ্যক্ষ মনটেক সিং আলুৱালিয়াৰ দৰে বিশিষ্ট ব্যক্তিসকলে লাভ কৰিছে।
১৯৯১ চনত প্ৰতিষ্ঠিত লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপৰ জৰিয়তে এই ফেল’শ্বিপ প্ৰাপকসকলক উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হয়।