NORTHEAST NOW (Assamese)
অসম

টীয়কত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ছাত্ৰ সন্থাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক September 30, 2020 7:59 pm
abcd

অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই আজি আকৌ প্ৰতিবাদত উত্তাল হৈ পৰে টীয়ক।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু আটছা টীয়ক উপ শাখাৰ সহযোগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৰ্ধশতাধিক ছাত্ৰকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ  প্ৰতিকৃতি দাহ কৰে।

এই ঘটনাত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ নাম সাঙোৰ খোৱাত মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগতে চিবিআই তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সমগ্ৰ কাৰ্যক ।

লগতে বিজেপি দলৰ নেতা বিধায়কসকলক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায়।