NORTHEAST NOW (Assamese)

অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণ; হিমন্ত বিশ্ব শৰ্মাৰ হাতত বৃহৎ তালিকা

June 13, 2022 7:14 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

অৰুণোদয় আঁচনিৰ পুনৰ নিৰীক্ষণৰ বাবে সাজু কৰোৱা হৈছে ২০ হাজাৰ যুৱক যুৱতীক। ইতিমধ্যে ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰিছে বৃহৎ তালিকা।

নতুনকৈ চাকৰি পোৱা যুৱক-যুৱতীৰ পৰিয়ালে এৰিব লাগিব অৰুণোদয় আঁচনি। ২০ হাজাৰ NCC কেডেটে ঘৰে ঘৰে গৈ অনুসন্ধান চলাব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ।

লগতে পঢ়ক: CBI Raids: গুৱাহাটীত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ অভিযান; আটক ব্যৱসায়ী

প্ৰতিখন গাঁওত তিনিজনকৈ NCC কেডেটে চলাব অনুসন্ধান।

গাওঁত অৰুণোদয় আঁচনি নোপোৱা দুখীয়া পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিব এইসকল NCC কেডেটে।

অহা ৭জুলাই পৰা এই অনুসন্ধান আৰম্ভ হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Related News