NORTHEAST NOW (Assamese)

কংগ্ৰেছক গাখীৰ নিদিয়া গৰু আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, তামুলপুৰত বোৱালে প্ৰতিশ্ৰুতিৰ বন্যা

October 24, 2021 5:26 pm · দীপক কুমাৰ পাঠক, বাক্সা

কংগ্ৰেছে গাখীৰ নিদিয়া গৰু। কংগ্ৰেছক ভোট দি লাভ নাই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আজি তামুলপুৰৰ কাউলিত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায় । মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে বহু কেইগৰাকী নেতা- কৰ্মী নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে ।

নিৰ্বাচনৰ আগত কোৱা ১লাখ চাকৰি , মহিলাৰ ঋণ মাফ, অৰুণোদয় দিম বুলি পুনৰ ৰাইজক আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ডিটেনচন কেম্পত আৰু মানুহ নাই।

গোৰ্খা সকলৰ সমস্যাও সমাধান হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে।

অসমৰ মানুহৰ খবৰ নকৰিলে, অসমত নুঘূৰিলে মঙ্গল গ্ৰহত ঘূৰিম নেকি বুলিও প্ৰশ্ন কৰে হিমন্ত বিশ্বই।

তেওঁ মটঙা নদী আৰু বাল্টি নদীত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰমোদ বড়ো থকালৈকে বিটিআৰত অস্ত্ৰৰ ঝনঝননি নাথাকে বুলিও মন্তব্য কৰে। প্ৰমোদ বড়োৱে দিল্লীত চুক্তি কৰাৰ পিছত এবছুৱে অন্দোলন কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

অসমত কোনো চৰকাৰী কৰ্মচাৰীয়ে দুখীয়া লোকৰ পৰা ঘোচ লব নোৱাৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে।

মন্ত্ৰী বিধায়কে অফিচত যেনেদৰে সন্মান পায় ঠিক তেনেদৰে সাধাৰণ মানুহেও সন্মান পাব লাগিব বুলি তেওঁ কয়।

জাতিৰ প্ৰমাণ পত্ৰ উলিয়াব লাগিলে NRC ৰ প্ৰসঙ্গ আহিব নালাগে বুলিও তেওঁ মন্তব্য কৰে।

Related News