NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে পশ্চিম কামেং জিলাত মুকলি কৰিলে ২৪ মেগাৱাট ক্ষমতাযুক্ত জলবিদ্যুৎ প্ৰকল্প

September 14, 2019 2:28 pm · এন ই নাও নিউজ
Updated: September 14, 2019 2:32 pm
জলবিদ্যুৎ প্ৰকল্পপ উদ্ধোধন কৰাৰ সময়ত পেমা খাণ্ডু

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে শুকুৰবাৰে ২৪ মেগাৱাট ক্ষমতাযুক্ত পশ্চিম কামেং জিলাৰ ডিকছি জলবিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভ কৰে।

প্ৰকল্পটোৰ পাৱাৰ হাউছৰ চুইছ অন কৰি মুখ্য মন্ত্ৰী খাণ্ডুৱে প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

‘‘অৰুণাচলক দেশৰ পাৱাৰ হাউছ হিচাপে জনা যায়, যদিহে আমি ৰাজ্যখনৰ জলবিদ্যুৎ শক্তিক সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰো তেন্তে ই আমাৰ আৰ্থনৈতিক দৃশ্যপট সলনি কৰি দিব’’-উদ্ধোধনী ভাষণত এনেদৰে কয় খাণ্ডুৱে।

আনহাতে, ৰাজ্যখনৰ জলবিদ্যুৎ শক্তি বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে অধিক প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী খাণ্ডুৱে এই ক্ষেত্ৰত দায়িত্বশীল ব্যক্তিগত প্ৰতিষ্ঠানক অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে।

তদুপৰি, পৰিষ্কাৰ আৰু সেউজ শক্তিয়ে ৰাজ্যখনৰ লগতে ইয়াৰ অন্তৰ্গত অঞ্চলসমূহৰ অৰ্থনীতিক তৰান্বিত কৰিব বুলিও তেওঁ কয়।

ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ ২২ টা অকাৰ্য্যকৰী হৈ থকা জল বিদ্যুৎ প্ৰকল্প চিনাক্ত কৰিছে বুলিও মুখ্য মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

অকাৰ্য্যকৰী হৈ থকা এনে প্ৰকল্পসমূহক পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ বাবে ইতিমধ্যে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰা হৈছে বুলিও অনুষ্ঠানত খাণ্ডুই কয়।

Related News