NORTHEAST NOW (Assamese)

দিল্লীৰ পৰা উভতি আহি ‘চেল্ফ আইছ’লেশ্যনত’ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী ৰিঅ’

July 16, 2020 6:46 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী ৰিঅ'

নতুন দিল্লীৰ পৰা উভতি অহাৰ পাছতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ই নিজকে চেল্ফ আইছ’লেশ্যনত ৰাখিছে।

কোভিড-১৯ৰ পৰা সুৰক্ষিত হৈ থকা নিৰ্দেশনাৱলী পালন কৰিয়ে ৰিঅ’ই নিজকে আইছ’লেশ্যনত ৰাখিছে বুলি জানিবলৈ দিয়ে।

আনহাতে, কোৱাৰেণ্টাইনত থকা  অৱস্থাৰ পৰাই ৰিঅ’ই নিজৰ কাম-কাজ অব্যাহত ৰাখিব বুলি কয়।

”নতুন দিল্লীৰ পৰা উভতি অহাৰ পাছত সুৰক্ষিত হৈ থকা নীতি-নিৰ্দেশনাৰ বাবেই মই নিজকে আইছ’লেশ্যনত ৰাখিছো। নিজৰ লগতে অন্য লোক সকলৰ সুৰক্ষাৰ কথা ভাবিয়ে এইদৰে আইছ’লেশ্যনত আছো। ইয়াৰ পৰাই কাম অব্যাহত থাকিব,” বৃহস্পতিবাৰে ৰিঅ’ই এইদৰে টুইট কৰে।

মুখ্য মন্ত্ৰী ৰিঅ’ই অন্যান্য বিষয়াসকলকো মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অন্যান্য নীতি-নিৰ্দেশনা সমূহ পালন কৰাৰ বাবে আহ্বান জনায়।

বুধবাৰে মুখ্য মন্ত্ৰী ৰিঅ’ই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক চাউথ ব্লকত সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

মুখ্য মন্ত্ৰীয়ে ৰাজনাথ সিঙৰ আগত ৰাজ্যখনত  গ্ৰহণ কৰা কোভিড প্ৰতিৰোধী ব্যৱস্থাৱলী সন্দৰ্ভতো অৱগত কৰে।

Related News