NORTHEAST NOW (Assamese)
অসম

মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিৱসাগৰত ৰাইজৰ দলৰ অখিল গগৈ বিজয়ী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2021 5:15 pm
index.jpgi

অসম বিধানসভাৰ অব্যাহত থকা আজিৰ ভোট গণনাৰ ফলাফল অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলী সমষ্টিত বিজয়ী হৈছে।

সৰ্বানন্দ সোণোৱালে নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুক ৩৬,৭৭৩ টা ভোটত পৰাস্ত কৰিছে।

ইফালে কাৰাৰুদ্ধ অখিল গগৈৰ জয়ী হৈছে ঐতিহাসিক শিৱসাগৰ বিধান সভা সমষ্টিত। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তেওঁৰ নিকটতম প্ৰাৰ্থী বিজেপিৰ সুৰভী ৰাজকুঁৱৰীক পৰাস্ত কৰিছে।

আনহাতে কোকৰাঝাৰ পশ্চিম(জনজাতি)ত বিপিএফৰ ৰবিৰাম নাৰ্জাৰীৰ জয় হৈছে।

বিশ্বনাথত বিজেপিৰ প্ৰমোদ বৰঠাকুৰে কংগ্ৰেছ প্ৰাৰ্থীক ৮৯২৩ টা ভোটত পৰাস্ত কৰিছে।

আনহাতে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়। ১ লাখ ১হাজাৰ ৯১১ টা ভোটৰ ব্যৱধানত হিমন্ত বিশ্ব শৰ্মাৰ জয়।