NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড পজিটিভ এজন লোকে চলালে আন এগৰাকী ক’ভিড ৰোগীৰ ওপৰত যৌন নিৰ্যাতন, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2021 5:26 pm

এগৰাকী ক’ভিড পজিটিভ ৰোগীয়ে আন এগৰাকী ক’ভিড ৰোগীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এটা গোচৰ ৰুজু হৈছে।

ঊৰিষ্যাৰ নোৱাপাড়া এখন চিকিৎসালয়ত নিৰ্যাতনকাৰী লোকজনে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

চিকিৎসাধীন অৱস্থাতে আন এগৰাকী মহিলা ৰোগীক তেওঁ যৌন নিৰ্যাতন চলায়।

প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীক জিলাখনৰ ক’ভিড হস্পিতালত ২৬ এপ্ৰিল তাৰিখে ভৰ্তি কৰোৱা হৈছিল।

মহিলাগৰাকীয়ে নিৰ্যাতন চলোৱাৰ সময়ত চিঞৰ-বাখৰ কৰাৰ পাছতে অন্য ৰোগীসকলে উক্ত স্থানত গৈ উপস্থিত হয়।

হস্পিতালৰ বিভাগীয় কৰ্তৃপক্ষক মহিলাগৰাকীয়ে জনায় যে লোকজনে তেওঁক অশালীনভাৱে স্পৰ্শ কৰিছিল।

এই সংক্ৰান্তত নোৱাপাড়া সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰা (মহিলাৰ ওপৰত নিৰ্যাতন আৰু অপৰাধ), ৩৫৪ (এ), ২৬৯ আৰু ২৭০ ধাৰা অনুসৰি এটা গোচৰ ৰুজু কৰা হৈছে।