NORTHEAST NOW (Assamese)

মৰিয়নি চাহ বাগিছা লাইনৰ উন্নয়নৰ বাবে ৪০ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ

October 22, 2021 3:57 pm · নৰ্থ ইষ্ট নাও

আগন্তুক উপ নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক নেতাৰ মুখত ফুটিছে প্ৰতিশ্ৰুতিৰ ঢৌ।

শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাই মৰিয়নি চাহ বাগিচা লাইনৰ উন্নয়নৰ বাবে ৪০ কোটি টকাঘোষণা কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই ৰূপজ্যোতি কুৰ্মীক ভোট দিবলৈ আহ্বান জনাই মৰিয়নি চাহ বাগিচাৰ লাইনত ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে।

মৰিয়নিত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দহখন নতুন বিদ্যালয় স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই আশ্বাস দিয়ে যে মৰিয়নিৰ সকলো চাহ বাগিচাৰ শ্ৰমিকক এমজিএনৰেগা কাৰ্ড দিয়া হ’ব আৰু তেওঁলোকে এমজিএনৰেগা আঁচনিত বাগিচাৰ ভিতৰত কাম কৰিবলৈ সক্ষম হ’ব।

তেওঁ লগতে সকলো চাহ শ্ৰমিকক অটল অমৃত কাৰ্ড প্ৰদান কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

চাহ বাগিচাৰ শিক্ষাৰ্থীসকলে চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ বাবে আসন সংৰক্ষণ ২০ৰ পৰা ২৫ লৈ বৃদ্ধি কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Related News