NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত মুখ্য মন্ত্ৰী সোণোৱাল : বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে নিৰ্মাণ কৰা হাইলেণ্ড পৰিদৰ্শন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 12, 2019 4:11 pm
CM in Kaziranga

আগন্তুক বানপানীৰ সময়ত বন্যপ্ৰাণীয়ে আশ্ৰয় ল’ব পৰাকৈ বন বিভাগে কাজিৰঙাত নিৰ্মাণ কৰি উলিওৱা হাইলেণ্ড আজি পুৱা পৰিদৰ্শন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কাজিৰঙাৰ কহঁৰাত নিশা কটোৱা মুখ্য মন্ত্ৰীয়ে আজি পুৱাই কাজিৰঙাৰ অগৰাতলি বনাঞ্চললৈ গৈ নিৰ্মাণ কৰি উলিওৱা হাইলেণ্ড পৰিদৰ্শন কৰে।

হাইলেণ্ড পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালৰ লগত উপস্থিত আছিল বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা। হাইলেণ্ড সমূহৰ নিৰ্মাণ কাৰ্যত তেওঁ সন্তোষ প্ৰকাশ কৰি কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ আন্তঃগাথনি উন্নয়নৰ বুজ লয়। তদুপৰি বোকাখাতৰ পৰা অগৰাতলিলৈ যোৱা পথ সমূহৰ নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ কৰিবৰ বাবে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে।

হাইলেণ্ড পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মন্তব্য কৰি মুখ্য মন্ত্ৰীয়ে কয় যে বানপানীৰ সময়ত হাইলেণ্ড বোৰত আশ্ৰয় লোৱা বন্যপ্ৰাণীক পৰ্যাপ্ত পৰিমানৰ খাদ্যৰ যোগান ধৰাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবৰ বাবেও কৰ্তৃপক্ষক নিৰ্দেশ দিছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পথ মেৰামতি আৰু নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰি এই কাৰ্য আৰু সক্ৰিয় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয়।

হাইলেণ্ড পৰিদৰ্শনৰ পাছত তেওঁ কাজিৰঙাৰ সঞ্চালক আৰু অন্যান্য বন বিষয়াৰে এক আলোচনাত মিলিত হোৱাও দেখা যায়। ইয়াৰ পাছতে মুখ্য মন্ত্ৰী সোণোৱাল অগৰাতলিৰ পৰা মাজুলীলৈ বুলি যাত্ৰা কৰে।

উল্লেখ্য যে কাজিৰঙাত পূৰ্বৰ ১৫০ টা হাইলেণ্ডৰ পাছত বিগত বছৰত আৰু ৩৩ টা হাইলেণ্ড নিৰ্মাণ কৰা হৈছিল।