NORTHEAST NOW (Assamese)
অসম

বহিৰাগতক মাটি নিদি বগীবিল দলঙৰ সুযোগ লওক, উত্তৰপৰীয়া ৰাইজক আহ্বান দক্ষিণৰ টি এম পি কেৰ

Posted by: এন ই নাও নিউজ December 29, 2018 11:11 pm
don't sell land to outsiders, seize the opportunity of bogibeel bridge-tmpk

বগীবিল দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে লখিমপুৰ আৰু ধেমাজি জিলাৰ বহু অঞ্চলত ব্যৱসায়ৰ সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰি বহিৰাগতক মাটি নেবেচি সেই সুবিধা গ্ৰহণৰ বাবে উত্তৰপৰীয়া ৰাইজক আহ্বান জনাইছে মিছিং ছাত্ৰ সংগঠন টি এম পি কেৰ শিৱসাগৰ নগৰ সমিতিয়ে।

“আমি উত্তৰপৰীয়া ৰাইজক আহ্বান জনাওঁ যে তেখেতসকলৰ মাটি কোনো বহিঃৰাজ্যৰ ব্যক্তি তথা কোম্পানিক গতাই নিদি নিজাকৈ ব্যৱসায়-বাণিজ্যৰ লগতে লগতে দীৰ্ঘম্যাদী প্ৰকল্প আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰে যেন,” নিবনুৱা যুৱচামৰ অধিক সক্ৰিয়তা আশা কৰি সংগঠনটোৰ শিৱসাগৰ নগৰ সমিতিৰ হৈ এই আহ্বান সভাপতি বিনোদ টায়ে আৰু সম্পাদক বিদ্যাসাগৰ দলেৰ।

দলংখনৰ আলম লৈ উত্তৰ পাৰে ধেমাজি, লখিমপুৰৰ বিভিন্ন ঠাইত নগৰীকৰণৰ সম্ভাৱনা প্ৰকট হোৱা বুলি উল্লেখ কৰি এই সুযোগ বহিৰাগত অগ্ৰসৰ ব্যক্তি তথা কোম্পানিসমূহৰ সলনি অঞ্চলটোৰ লোকসকলে যাতে ল’ব পাৰে সেই উদ্দেশ্যে এই আহ্বান জনাইছে সংগঠনটোৱে।

লগতে পঢ়ক– বগীবিল দলং: বীৰেন বৈশ্যলৈ মনত নপৰিল মোদীৰ

“উত্তৰ পাৰে অৰ্থাৎ কাৰেং চাপৰি, চিচি টঙানী, অকাজান আদি অঞ্চলৰ লগতে ধেমাজি আৰু লখিমপুৰ জিলাৰ কেইবাটাও ঠাইত নগৰ গঢ় লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই ছেগতে বিভিন্ন কৌশলেৰে বহিৰাগতই এই অঞ্চলসমূহত ব্যৱসায়-বাণিজ্য আৰু উদ্যোগ গঢ়ি তোলাৰ সুযোগ গ্ৰহণ কৰিব,” টি এম পি কেৰ মন্তব্য।

এই ক্ষেত্ৰত নিবনুৱা যুৱচামক অধিক সক্ৰিয় হ’ব বুলি আশা প্ৰকাশ কৰিছে টি এম পি কেই।

দলং হোৱাৰ পূৰ্বে লুইতৰ দুয়োপাৰৰ মাজত দশক দশক ধৰি যাতায়াতৰ সেৱা আগবঢ়োৱা ঘাটৈ (ঘাটুৱৈ) আৰু নাৱৰীয়াসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিছে সংগঠনটোৱে।

“দশক দশক ধৰি ফেৰিৰ কিছু কষ্টকৰ অথচ ৰোমাঞ্চকৰ দিনবোৰ স্মৃতিৰ সোঁতত বিলীন হ’ল। যিসকল ঘাটৈ/ নাৱৰীয়াই সুখ-দুখ, ভাল-বেয়াৰ মাজত দশকজুৰি ৰাইজক সেৱা আগবঢ়ালে সেইসকলকো গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো,” টি এম পিকেৰ মন্তব্য।