NORTHEAST NOW (Assamese)
অৰুণাচল

বৰডুমছাত চি আৰ পি এফ জোৱানক ছুৰীৰে আক্ৰমণ কৰি হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2023 8:30 pm
Wife kills husband

অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত চেকগেটৰ সীমান্তৱৰ্তী বৰডুমছাত অচিনাক্ত ব্যক্তিৰ ছুৰীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী চি আৰ পি এফ জোৱানে।

নিহত জোৱানগৰাকীক সুনীল কুমাৰ পাণ্ডে বুলি চিনাক্ত কৰা হৈছে। মটৰ চাইকেলেৰে অহা এক অচিনাক্ত ব্যক্তিয়ে তেওঁক ছুৰীৰে আঘাত কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, আক্ৰমণৰ সময়ত জোৱানগৰাকী চিভিল ড্ৰেছত আছিল। জন্মাষ্টমী উপলক্ষে জোৱানগৰাকী সহকৰ্মীৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল।

তেনে সময়তে অভিযুক্তই পাণ্ডেক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা বেগেৰে অৰুণাচল প্ৰদেশৰ নামছাই অভিমুখে পলায়ন কৰে।

ইফালে ছুৰীৰ আঘাতত গুৰুতৰভাৱে আহত জোৱানগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়।