NORTHEAST NOW (Assamese)
অসম

কাকপথাৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 29, 2019 8:12 pm
Kakopathar accident

তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত  সোনজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৰাজীৱ ৰাজকোৱঁৰ (৩৫) নামৰ এজন লোকৰ থিতাতে মৃত্যু হয়।

মৃত্যু হোৱা ৰাজীৱ ৰাজকোৱঁৰৰ ঘৰ ডিৰাক শিমলুগুৰিত বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ সোনজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা চাহপাত কঢ়িয়াই অনা এ এছ-২৩বিচি-৮১০৬ নম্বৰৰ এখন দ্ৰুতবেগী বলেৰ’ পিকআপ ভ্যানে মঙলবাৰে সন্ধিয়া ৰাজীৱ ৰাজকোৱঁৰৰ বাইকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত বাইকত আহি থকা ৰাজীৱ ৰাজকোৱঁৰৰ থিতাতে মৃত্যু হয়।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়ে বলেৰ’ পিকআপ বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

শোকাৱহ পথ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।