NORTHEAST NOW (Assamese)
দেশ

পেকেটত কমকৈ আহিল এখন বিস্কুট, গ্ৰাহকৰ অভিযোগত আইটিচি লিমিটেডক ১ লাখ টকাৰ জৰিমনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2023 9:33 pm
পেকেটত কমকৈ আহিল এখন বিস্কুট, গ্ৰাহকৰ অভিযোগত আইটিচি লিমিটেডক ১ লাখ টকাৰ জৰিমনা

বিস্কুটৰ পেকেটত এখন বিস্কুট কমকৈ দিয়াৰ বাবে শাস্তিৰ সন্মুখীন হৈছে আইটিচি লিমিটেড ফুড ডিভিজন। এগৰাকী গ্ৰাহকে ক্ৰয় কৰা ছানফিষ্ট মেৰী লাইটৰ পেকেটত উল্লেখ কৰাতকৈ এখন বিস্কুট কম থকা বুলি অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ পিছতে জিলা উপভোক্তা মঞ্চই আইটিচি লিমিটেডক এক লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। জিলা গ্ৰাহক বিবাদ নিৰাময় মঞ্চই শেহতীয়াকৈ দিয়া আদেশত কোম্পানীটোক লগতে ‘ছানফিষ্ট মেৰী লাইট’ বিস্কুট বিক্ৰী বন্ধ কৰিবলৈও নিৰ্দেশ দিছে।

উল্লেখ্য যে চেন্নাইৰ পি ডিলিবাবু নামৰ ব্যক্তি এগৰাকীয়ে ‘ছানফিষ্ট মেৰী লাইট’ বিস্কুট ক্ৰয় কৰাৰ পিছত বিজ্ঞাপনত উল্লেখ থকা ১৬টা বিস্কুটৰ বিপৰীতে পেকেটৰ ভিতৰত ১৫ টা বিস্কুটহে আছিল বুলি অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ পিছত আইটিচি লিমিটেডক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে বিস্কুটবিধ পেকেটৰ ভিতৰত থকা বিস্কুটৰ সংখ্যাৰ পৰিৱৰ্তে পেকেটটোৰ ওজনৰ ওপৰত ভিত্তি কৰিহে বিক্ৰী কৰা হয় বুলি যুক্তি প্ৰদৰ্শন কৰিছিল।

কিন্তু জিলা গ্ৰাহক বিবাদ নিৰাময় মঞ্চই এই যুক্তি নাকচ কৰি গ্ৰাহকে কেৱল বিস্কুটৰ সংখ্যাৰ ওপৰত ভিত্তি কৰিহে সামগ্ৰী ক্ৰয় কৰে আৰু গ্ৰাহকৰ সন্তুষ্টিত ৰেপাৰ বা লেবেলে উল্লেখযোগ্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰে।