NORTHEAST NOW (Assamese)
অসম

শিক্ষাকে ধৰি বিভিন্ন বিভাগৰ ৫৫ হাজাৰ পদৰ বাবে অচিৰেই নিযুক্তি প্ৰক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 7:33 pm
Sarbananda Sonowal

শিক্ষা বিভাগকে ধৰি ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত খালী হৈ থকা প্ৰায় ৫৫ হাজাৰ পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে আজি নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।

মুখ্য মন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

আজি জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত সোণোৱালৰ পৌৰোহিত্যত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।

ৰাজ্যৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজত অনুষ্ঠিত এই বৈঠকত মুখ্য মন্ত্ৰীজনে বিভাগবোৰক ৬ মাহৰ ভিতৰত খালী পদবোৰত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকখনত বাজেট ব্যয় তথা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়েও বিতং আলোচনা কৰা হয়। বৈঠকত উপস্থিত থকা বিত্ত বিভাগৰ প্ৰধান সচিবগৰাকীয়ে বাজেট ব্যয়, ব্যৱহাৰিক প্ৰমাণ পত্ৰ ইত্যাদি বিষয়সমূহ মুখ্য মন্ত্ৰীক অৱগত কৰে বুলি বিবৃতিটোত প্ৰকাশ।

মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিবসকল, বিভিন্ন বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, সচিবসকলেও বৈঠকত অংশগ্ৰহণ কৰে।