NORTHEAST NOW (Assamese)
অসম

C(A)Aৰ বিৰোধিতাৰে নগাঁৱত আছুৰ বিশাল জোঁৰ সমদল

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা January 3, 2020 7:27 pm
AASU protest

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নগাঁও জিলা ছাত্ৰ সন্থা আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া নগাঁৱৰ পুৰণিগুদামত এক বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়।

নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত প্ৰায় দুই শতাধিক লোকে নগাঁৱৰ পুৰণিগুদামত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায় হায়’, ‘CAA আমি নামানো’, ‘সৰ্বানন্দ সোণোৱাল গ’ বেক’, ‘হিমন্ত বিশ্ব শৰ্মা গ’ বেক’, ‘সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ’, ‘ৰাইজ আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই’ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে, জোৰ সমদলস্থলীৰ পৰায়ে ছাত্ৰ সন্থাৰ নেতৃবৃন্দই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক ওফৰাই দিয়াৰো হুংকাৰ দিয়ে।

তদুপৰি, ১৯৭১ চনৰ পাছত অহা কোনো বিদেশীৰ বোজা অসমে কেতিয়াও গ্ৰহণ নকৰে বুলি ছাত্ৰ সন্থাৰ কৰ্মীসকলে মন্তব্য কৰে।

উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন কাৰ্য্যসূচীৰ অংশ হিচাপে আজি সকলো জিলাত জোঁৰ সমদল উলিওৱা হয়।