NORTHEAST NOW (Assamese)
অসম

C(A)Aক লৈ আমি আগৰ স্থিতিতে অটল, এক ইঞ্চিও বিচলিত নহওঁ : অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2020 6:40 pm
C(A)Aক লৈ আমি আগৰ স্থিতিতে অটল, এক ইঞ্চিও বিচলিত নহওঁ : অমিত শ্বাহ

“নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত আমি আগৰ স্থিতিতে অটল, চৰকাৰ এই ক্ষেত্ৰত এক ইঞ্চিও বিচলিত নহয়।” এই মন্তব্যৰে পুনৰবাৰ নাগিৰকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

যোধপুৰত নাগৰিকত্ব (সংশোধন) আইনৰ সমৰ্থনত বাহিৰ কৰা এক ৰেলীত অংশ গ্ৰহণ কৰি কেন্দ্ৰী গৃহ মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে।

অমিত শ্বাহে কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰি কংগ্ৰেছে নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত ভুৱা প্ৰচাৰ চলাই আছে। দেশৰ বিৰোধী দলসমূহক বিপথে পৰিচালিত কৰিছে বুলি উল্লেখ কৰে।

“গোটেই বিৰোধী দলসমূহ একজোঁট হ’লেও নাগৰিকত্ব আইনৰ সন্দৰ্ভত চৰকাৰ পূৰ্বৰ স্থিতিতে অটল থাকিব। এক ইঞ্চিও বিচলিত নহয়। দৰকাৰ হ’লে ভাৰতীয় জনতা পাৰ্টীয়ে এই ক্ষেত্ৰত অকলে যুঁজিব।”

উল্লেখযোগ্য যে সমগ্ৰ দেশকে নাগৰিকত্ব আইনৰ প্ৰতিবাদৰ জুইয়ে দহি থকাৰ পিছতো কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিব।