NORTHEAST NOW (Assamese)
অসম

মই নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰো : কুলধৰ শইকীয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2020 6:36 pm
Kuladhar Saikia

২ জানুৱাৰিত অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱা অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰো বুলি মন্তব্য কৰে।

শুকুৰবাৰে গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত শইকীয়াই নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কত নিজৰ মত প্ৰকাশ কৰে।

‘‘মই ‘কা’ৰ বিৰোধিতা কৰো। আইনখনৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদ মই দেখিছো আৰু ইয়াৰ বাৰ্তা বিশাল আৰু স্পষ্ট,’’ তেওঁ লগতে কয়।

অসমৰ বিশিষ্ট সাহিত্যিক সকলৰ মাজত অন্যতম কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ ১০৩ সংখ্যক সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

অসমত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ তুংগত উঠাৰ সময়ত অসম সাহিত্য সভায়ো আইনখনৰ বিৰুদ্ধে ভালেকেইটা প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছিল।

আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অসম আৰক্ষীক সফলভাৱে নেতৃত্ব দিয়া কুলধৰ শইকীয়া চুটি গল্পৰ বাবে অসমীয়া সাহিত্য অনুৰাগীৰ মাজত এটা চিনাকী নাম।

‘আকাশৰ ছবি আৰু অন্যান্য’ শীৰ্ষক গ্ৰন্থৰ বাবে কুলধৰ শইকীয়াক ২০১৫ চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়।