NORTHEAST NOW (Assamese)

বোকাখাতৰ হোটেলত পেৰা আৰু পুৰিৰ সোৱাদ ল’লে মুখ্য মন্ত্ৰী সোণোৱালে

October 1, 2019 6:54 am · উত্তম শইকীয়া
Updated: October 1, 2019 2:36 pm
বোকাখাতৰ হোটেলত পুৰি চব্জি-পেৰাৰ সোৱাদ লৈছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো : নৰ্থইষ্ট নাও

সোনাৰীত উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰত অংশগ্ৰহণ কৰি উভটি অহাৰ পথত বোকাখাতত পুৰি আৰু পেৰাৰ সোৱাদ লয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বোকাখাত নগৰৰ গজৰাজ নামৰ হোটেলখনত সোমবাৰে কলৰ পাতত পুৰি আৰু আলু চব্জিৰ লগতে চাহ আৰু পেৰা খায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কলেজীয়া দিনৰে পৰাই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাওঁতে বোকাখাতৰ গজৰাজ হোটেলতে পুৰি চব্জি খাইছিল সৰ্বানন্দ সোণোৱালে ৷

মুখ্য মন্ত্ৰী হোৱাৰ পাচত সুদীৰ্ঘ দিনৰ পাছত পুনৰ সোমবাৰে সন্ধিয়া পুৰি চব্জি আৰু পেৰা খাই কিছু নষ্টালজিকো হৈ পৰে মুখ্য মন্ত্ৰী গৰাকী ৷

মুখ্য মন্ত্ৰীৰ লগত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা, টিংখাঙৰ বিধায়ক বিমল বৰা বিজেপিৰ নেতা ফনী শৰ্মা আৰু প্ৰাক্তন বিধায়ক জগদীশ ভূঞাৰ উপৰিও স্থানীয় দলীয় কৰ্মীয়েও পুৰি চব্জিৰ সোৱাদ লয় ৷

ভাৰতীয় জনতা পাৰ্টীৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা জনজাগৰণ কাৰ্যসুচীত নিজেই সৰ্বসাধাৰণৰ লগত বোকাখাতৰ হোটেলত বহি কলপাতত পুৰি চব্জি আৰু পেৰাৰ সোৱাদ ল’বলৈ পায় তেওঁ সুখী বুলি মন্তব্য কৰে সোণোৱালে ৷

পুৰি পেৰা খায় সকলোকে মুখ্য মন্ত্ৰী গৰাকীয়ে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনাই গুৱাহাটী অভিমুখে যাত্ৰা কৰে ৷

Related News