বহৰিত মুখ্য মন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ : নামনিৰ প্ৰত্যেক পঞ্চায়ত গেৰুৱা কৰাৰ লক্ষ্য বিজেপিৰ
দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শুকুৰবাৰে সামৰণিৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নামনি অসমৰ কেইবা ঠাইত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিজেপি দলৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমতে বৰপেটাৰ বহৰিত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি কয় যে, পঞ্চায়ত নিৰ্বাচনৰ বাবে গ্ৰাম্যাঞ্চলৰ ৰাইজ ঐক্যবদ্ধ হৈছে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফ দলকো সমালোচনা কৰে ৷
পৰিবৰ্তন আৰু সুশাসন লাভ কৰাৰ স্বাৰ্থত গ্ৰাম্যাঞ্চলৰ ঐক্যবদ্ধ ৰাইজে বিজেপি দলৰ প্ৰাৰ্থীক জয়ী কৰিব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে আশা ব্যক্ত কৰে ৷
বহৰি মিনি ষ্টেডিয়ামত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাখনত অসম বিত্তীয় নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ ক্ৰমে বিজয় গুপ্তা, অনিল দাস, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ লগতে কেইবা গৰাকী বিজেপি নেতা উপস্থিত থাকে ৷
বহৰিৰ সভাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে সৰভোগৰ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে। ইয়াতো মুখ্য মন্ত্ৰী গৰাকীয়ে বিজেপি দলৰ প্ৰাৰ্থীক জয়ী কৰি পঞ্চায়ত সুশাসন প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান জনায়।