ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰ বৰ্তমানৰ ৰূপত বাহাল ৰখা সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীলৈ সোণোৱালৰ পত্ৰ
প্ৰচাৰ ভাৰতীয়ে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰ আৰু আকাশবাণী ডিব্ৰুগড়ক কেবল ৰীলে কেন্দ্ৰ হিচাপে বাহাল ৰাখি নিজা প্ৰচাৰ কাৰ্য্যসূচী সীমিতকৰণৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰে।
পত্ৰখনৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ কেইবাখনো জিলা তথা অৰুণাচল প্ৰদেশৰ পূবৰ জিলাকেইখনক সামৰি লোৱা আকাশবাণী আৰু দূৰদৰ্শন এই দুটা কেন্দ্ৰৰ গুৰুত্বৰ কথা অনুধাৱন কৰি কেন্দ্ৰ দুটাৰ বৰ্তমানৰ ব্যৱস্থা বাহাৰ ৰখাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অনুৰোধ জনায়।
সোণোৱালে পত্ৰৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ১৯৯৩ চনৰ মে’ মাহৰ পৰা ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই পূৰ্ণাংগ ৰূপত কাম-কাজ চলাই আহিছে বুলি জনায়।
তদুপৰি, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই ২০১৯ চনত গৌৰৱোজ্জ্বল ৫০ বছৰ অতিত্ৰম কৰিছে বুলিও সোণোৱালে পত্ৰখনত উল্লেখ কৰে।
বৃহত্তৰ উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত বসৱাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিকশাই তোলাৰ দিশত কেন্দ্ৰ দুটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক পত্ৰ যোগে অৱগত কৰে।
সেয়েহে, এই কেন্দ্ৰ দুটাৰ স্বকীয় ৰূপ অক্ষুণ্ণ ৰখাটো একান্ত প্ৰয়োজনী আৰু এই সন্দৰ্ভত উজনি অসমৰ জনসাধাৰণ তথা বিদ্বৎ মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টিৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে অৱগত কৰে।