NORTHEAST NOW (Assamese)
অসম

ৰাজ্যখনৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনা “NRC-ৰ প্ৰকাশ”ৰ ২৪ ঘণ্টাৰ পিছতো মৌন মুখ্য মন্ত্ৰী সোণোৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2019 6:38 pm
NRC_Sonowal

চূড়ান্ত এন আৰ চি প্ৰকাশৰ ২৪ ঘণ্টা পাৰ হোৱাৰ পিছতো ৰাজ্যখনৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাটো সন্দৰ্ভত নীৰৱ হৈয়ে আছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

এন আৰ চিক লৈ চৰকাৰ, বিৰোধীৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিলৈকে সকলোৱে নিজা নিজা প্ৰতিক্ৰিয়া আগ বঢ়োৱাৰ বিপৰীতে ৰাজ্যখনৰ “মুৰব্বী”ৰ এই নীৰৱতা তাৎপৰ্য্যপূৰ্ণ।

ছ’চিয়েল মিডিয়াতো মুখ্য মন্ত্ৰীজনে অন্যান্য পোষ্ট দিছে যদিও এন আৰ চি বিষয়ক কোনো আপডেইট দিয়া দেখা নগ’ল।

ফেইচবুক আৰু টুইটাৰৰ নিজৰ একাউণ্টৰ জৰিয়তে চূড়ান্ত এন আৰ চি প্ৰকাশৰ আগদিনা মুখ্য মন্ত্ৰীজনে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ ৰাইজক ইয়াত সহযোগিতা আগ বঢ়াবলৈ আহ্বান জনাই দিয়া পোষ্টটোৱেই এই বিষয়ত মুখ্য মন্ত্ৰী সোণোৱালৰ অন্তিম বক্তব্য আছিল।

ইপিনে সোণোৱাল চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়কে এন আৰ চি সন্দৰ্ভত বিভিন্ন অসন্তুষ্টি প্ৰকাশক আৰু অগ্ৰাহ্যসূচক মন্তব্য দি আছে।

ঐতিহাসিক ঘটনাটোৰ সময়ত ৰাজ্যখনৰ মুৰব্বী হিচাপে সোণোৱালৰ স্থিতি আৰু মন্তব্য জানিবলৈ আগ্ৰহী হৈ থকা অসমৰ জনগণৰ অপেক্ষা দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ বক্তব্য আৰু স্থিতিয়ে সেই অপেক্ষাৰ অন্ত পেলাব পাৰে।