NORTHEAST NOW (Assamese)
অসম

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2025 4:00 pm

কিছু দিনৰ পৰা এটা নামে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰি আহিছে। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত খলকনি তুলা অৰ্চিতা ফুকনৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি অৰ্চিতা ফুকন কোনো নীলা ছবিৰ নায়িকা নহয়। তেওঁ ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা আৰু অসমতেই বাস কৰে, আমেৰিকাত নহয়।

কেইবাদিন ধৰি তেওঁৰ নাম ভাইৰেল হৈ আছে। অৰ্চিতা ফুকনৰ নাম প্ৰথমতে তেওঁ আমেৰিকা নিবাসী বুলি চৰ্চা হৈছিল। কিন্তু অৰ্চিতা ফুকন কোন? তেওঁ সঁচাকৈ বাস্তৱৰ মানুহ নে? এই প্ৰশ্নই সকলোৰে মনত উদয় হৈছিল।

নেটিজেনসকলে অৰ্চিতাৰ বিষয়ে জানিবলৈ বিভিন্ন কীৱৰ্ডৰে চাৰ্চ কৰিছিল, যেনে— “অৰ্চিতা ভিডিঅ’ ভাইৰেল অৰিজিনেল”, “বেবী ডল আৰ্চি ভাইৰেল ভিডিঅ’”, “আৰ্চিতা ভিডিঅ’ ভাইৰেল লিংক” ইত্যাদি। এগৰাকী অসমীয়া যুৱতীৰ নাম হঠাতে ভাইৰেল হোৱাত নেটিজেনৰ কৌতূহল বাঢ়িছিল। পিছত প্ৰকাশ পাইছিল যে অৰ্চিতা ফুকন AIৰ জৰিয়তে সৃষ্টি কৰা এটা চৰিত্ৰ বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পিছতে আৰম্ভ হৈছিল নতুন চৰ্চা।

ইয়াৰ মাজতে অৰ্চিতা ফুকনৰ বিষয়ে এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, অৰ্চিতা ফুকনে কোনো নীলা ছবিত কাম কৰা নাই। তেওঁ ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা আৰু অসমতেই থাকে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা তথ্যৰ দৰে তেওঁ আমেৰিকালৈ গৈ কাৰো সৈতে সাক্ষাৎ কৰা নাই। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, অৰ্চিতা চাইবাৰ অপৰাধৰ বলি হৈছে। এই ঘটনাৰ সৈতে তেওঁৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰা জড়িত।

প্ৰতিম বৰাই AIৰ জৰিয়তে অৰ্চিতাৰ ফটো মৰ্ফ কৰি ভাইৰেল কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহ AIৰ জৰিয়তে তৈয়াৰ কৰা হৈছিল, য’ত কেৱল অৰ্চিতাৰ মুখৰ সামান্য অংশ মিল আছিল, বাকী দেহৰ অংশ সম্পূৰ্ণৰূপে মৰ্ফ কৰা হৈছিল। তিনিচুকীয়াৰ প্ৰতিম বৰাই প্ৰতিশোধ ল’বলৈ এই জঘন্য কাণ্ড সংঘটিত কৰিছিল বুলি অভিযোগ।

ইতিমধ্যে প্ৰতিম বৰাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৰ্চিতা ফুকনে দাখিল কৰা এজাহাৰৰ ভিত্তিত এই গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছত অধিক তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।