NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ চৌহদত মুখ্য মন্ত্ৰী সোণোৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2019 9:03 pm
Dibrugarh- CM visit construction works of an auditorium (6)

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ কছাৰীবাৰীস্থিত শ্ৰী শ্ৰী আউনীআটী শাখাৰ সত্ৰ চৌহদত নিৰ্মীয়মান প্ৰেক্ষাগৃহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্য মন্ত্ৰীৰ আছুতীয়া পুঁজি ২০১৬-১৭ বৰ্ষৰ অধীনত ১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য চলোৱা এই প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী সোণোৱালে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰেক্ষাগৃহটো অত্যাধুনিক সা-সুবিধাৰে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ বাবে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী সোণোৱালে এই শাখা সত্ৰৰ চৌহদত বৰষুণৰ ফলত জমা হোৱা পানীৰ দ্ৰুত নিষ্কাষণৰ বাবে পৰ্যাপ্ত নলা-নৰ্দমা নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শাখা সত্ৰখনত যান-বাহন ৰাখিব পৰা এলেকা সম্পৰ্কে মুখ্য মন্ত্ৰী সোণোৱালে বুজ লোৱাৰ লগতে সম্পূৰ্ণ এলেকাটো পেভাৰ্চ ব্লকেৰে নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি নিৰ্মীয়মান প্ৰেক্ষাগৃহটো যাতে আটকধুনীয়া ৰূপত গঢ় লৈ উঠে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰী সোণোৱাল প্ৰেক্ষাগৃহটোৰ সৈতে সংলগ্ন কৰি গ্ৰীণৰুম নিৰ্মাণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণোৱালে একুৱাটিক চিলিঙৰ নিৰ্মাণৰো বুজ লয়।

মুখ্য মন্ত্ৰীৰ সোণোৱালৰ এই পৰিদৰ্শনৰ সময়ত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু টিংখঙৰ বিধায়ক নোমল বৰাৰ লগতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকে।