NORTHEAST NOW (Assamese)
অসম

বৰডুমচাত ড্ৰাগছ আসক্ত স্বামী আৰু শাহুৱে মিলি জ্বলালে বোৱাৰীক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 7, 2019 9:46 pm
Dead-body-

অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল তিনিচুকীয়া জিলাৰ বৰডুমচাৰ ১নং মহং গাঁৱত আজি প্ৰিয়ংকা চেতিয়া (১৯) নামৰ এগৰাকী বোৱাৰীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় লোকৰ অভিযোগ অনুসৰি বোৱাৰী গৰাকীক স্বামীৰ পৰিয়ালে মৰিয়াই মৰিয়াই হত্যা কৰাৰ পাছত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে।

উল্লেখ্য যে বৰডুমচাৰ ৰিতুকঁঠালগুৰিৰ প্ৰিয়ংকা ( মণি )ই এবছৰ পূৰ্বে বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মহং গাঁঁৱৰ নিৱাসী পুনেশ্বৰ মৰাণৰ পুত্ৰ মধু মৰাণৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

প্ৰিয়ংকাৰ পৰিয়াল তথা স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি যৌতুকজনিত কাৰণত প্ৰিয়ংকাক তেওঁৰ শাহু দিবন মৰাণ আৰু ড্ৰাগছ আসক্ত স্বামীয়ে দীৰ্ঘদিনৰ পৰা অত্যাচাৰ চলাই আহিছিল। আৰু ইয়াৰ পৰিণতিতে আজি নিজ স্বামী মধু মৰাণ আৰু শাহু দিবন মৰাণে মিলি গাত কেৰাচিন ঢালি জ্বলাই দিয়ে।

ইফালে অভিযুক্ত স্বামী আৰু শাহুৱেকক আৰক্ষীয়ে আটক কৰিছে যদিও ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি দোষীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।