NORTHEAST NOW (Assamese)
অসম

আজি গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2019 1:33 pm
8-9-1140x570

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্ত উদ্যান উদ্বোধন কৰিব।

উদ্যানখন প্ৰয়াত বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ সোঁৱৰণত তেওঁৰ ৭৭ সংখ্যক জন্ম বাৰ্ষিকীত উদ্বোধন কৰিব।

সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত থকা মাধৱদেব আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

সাংস্কৃতিক অনুষ্ঠানটোত জনপ্ৰিয় অসমীয়া কণ্ঠশিল্পীসকলে প্ৰয়াত সংগীত শিল্পীগৰাকীৰ গান পৰিৱেশন কৰি শিল্পীগৰাকীক সুঁৱৰিব।

অনুষ্ঠানত সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলেই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

মুখ্য মন্ত্ৰী সোণোৱালে টুইট কৰিছে, ‘’তেওঁৰ জন্ম বাৰ্ষিকীত ‘গণশিল্পী’ খগেন মহন্তক সোঁৱৰণ কৰিছো। তেওঁৰ গানে অসমীয়া লোক কথাক এক মাত্ৰা দিছে আৰু ই আমাৰ অন্তৰত চিৰদিনে ৰৈ গৈছে।‘’

‘বিহু সম্ৰাট’ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ চিৰযুগমীয়া গানবোৰে আজিও শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

তেওঁৰ কিছুমান কালজয়ী গানৰ ভিতৰত আছে ‘কৈ যা ডাকোৱাল’, ‘খোজ কিয় কোবাল’, ‘এজাৰ ফুলা দেখি’, ‘তেজৰে কমলাপতি’, ‘অ’ ৰহিমলা’, ‘বৰষুণৰ বতৰত’,’অ’ ফুল ৰমক’,’চকলা টেঙাটি অকলে’ ইত্যাদি।

তেওঁৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ডৰ গান ১৯৬১ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত সম্প্ৰচাৰিত হৈছিল।

খগেন মহন্তই বহু সন্মানীয় বঁটাও লাভ কৰিছিল। ইয়াৰ ভিতৰত আছে ‘ফিল্ম ক্ৰাফ্ট বঁটা (১৯৮৮), ‘সংগীত নাটক একাডেমী’(১৯৯২), ‘সংগীতাচাৰ্য’(১৯৯৯) ইত্যাদি।