NORTHEAST NOW (Assamese)
অটো

যদি কোনো ব্যক্তিৰ এই চাৰিটা গুণ আছে তেওঁ নিশ্চিতভাৱে জীৱনত সফল হ’ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2019 1:12 pm
vidur

এইখন বিশ্বত বিভিন্নগৰাকী মহান ব্যক্তিয়ে কেনেদৰে সৰল জীৱন যাপন কৰি সফলতা অৰ্জন কৰিব লাগে সেই সম্বন্ধে বিভিন্ন ধৰণৰ মতাদৰ্শ আগবঢ়াই থৈ গৈছে।

মহান ব্যক্তিসকলে আগবঢ়াই যোৱা আদৰ্শ অনুকৰণ কৰি বহুসংখ্যক লোকে জীৱন যাত্ৰাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

জীৱন ধাৰণ সম্বন্ধে মহত্মা বিদুৰে ভালেমান গুৰুত্বপূৰ্ণ উপদেশ দি থৈ গৈছে। যদিও বিদুৰ এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ আছিল তথাপি তেওঁ দি যোৱা জীৱন আদৰ্শৰ আৰ্হি জীৱনত সফলতা অৰ্জনত অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

মানুহৰ জীৱন সহজসাধ্য কৰি তোলাৰ বাবে আজি চাৰিটা বিষয়ৰ বিষয়ে উল্লেখ কৰা হ’ব যাৰ দ্বাৰা জনসাধাৰণে নিজৰ জীৱনক সুন্দৰ কৰি তুলিব পাৰিব।

১) মহাত্মা বিদুৰে কৈছিল যিসকল লোকে সদায় ধৰ্মৰ পথেৰে চলে তেওঁ কেতিয়াও বেয়া হ’ব নোৱাৰে। ইয়াৰ অৰ্থ হ’ল-যদিহে কোনো ব্যক্তিয়ে জীৱনত শান্তি আৰু সুখ বিচাৰে তেওঁ সদাই ধৰ্মৰ পথ অনুসৰণ কৰিব লাগিব।

ধৰ্মৰ পথে কেবল মাত্ৰ এগৰাকী ব্যক্তিৰ জীৱনকে সফল হোৱাত সহায় নকৰে তাৰোপৰি ই অন্য লোককো এইক্ষেত্ৰত সহায় কৰে।

২) এগৰাকী ব্যক্তিয়ে জীৱনত ভুল কৰিব পাৰে কিন্তু সফল ব্যক্তিয়ে কেতিয়াও একেটা ভুল বাৰেবাৰে নকৰে। যিসকল ব্যক্তিয়ে ভুলৰ পৰা শিক্ষা লাভ কৰিব পাৰে তেওঁহে জীৱনত সফলতা অৰ্জন কৰিব পাৰে।

ভুলে সদায় সম্পৰ্কত তিতা আনে সেয়েহে সদায় নিজে সুখী হৈ থাকিব লাগে আৰু আনকো সুখী হৈ থকাত সহায় কৰিব লাগে।

৩) বিদুৰে কৈছিল ‘মানুহৰ আটাইতকৈ মহান জ্ঞান হৈছে ব্যক্তিৰ স্বাস্থ্য’। যিসকল লোকে কোনোধৰণৰ লোভ-লালাসা নৰখাকৈ কাম কৰিব পাৰে তেনেলোকক পৃথিৱীৰ কোনোধৰণৰ লোভে বিচলিত কৰিব নোৱাৰে বুলিও বিদুৰে কয়।

৪) যিসকল ব্যক্তিয়ে সদায় অহিংসা আৰু শান্তিৰ পথেৰে আগবাঢ়ে তেওঁ সদায় সুখী হয় বুলিও বিদুৰে উল্লেখ কৰি গৈছে।