NORTHEAST NOW (Assamese)
অসম

ধুবুৰী ডিএফঅ’ৰ গুৱাহাটীৰ ঘৰত অভিযান চলালে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2025 12:12 pm
ধুবুৰী ডিএফঅ’ৰ গুৱাহাটীৰ ঘৰত অভিযান চলালে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে

শনিবাৰে পুৱা গুৱাহাটীস্থিত এজন বন সংমণ্ডল বিষয়াৰ (ডিএফঅ’) বাসগৃহত মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলে অভিযান চলায়।

ধুবুৰীত নিযুক্ত ডিএফঅ’ হিৰণ্য পাঠকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ জ্ঞাত আয়ৰ উৎসৰ সৈতে অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ মালিক।

গুৱাহাটীৰ নাৰেংগীৰ পাঠকৰ ঘৰত অভিযান চলাই ভিজিলেন্স চেলৰ বিষয়াসকলে বিভিন্ন নথি-পত্ৰ আৰু সামগ্ৰী জব্দ কৰে।

অভিযানৰ সময়ত দলটোৱে গুৱাহাটীৰ ছয়মাইলত পাঠকৰ মালিকানাধীন বুলি আঙুলি উঠা আন এটা সম্পত্তিৰ তথ্য উন্মোচন কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছত এই স্থানতো দলটোৱে অভিযান চলোৱাৰ সম্ভাৱনা আছে।

বৰ্তমান ধুবুৰীত ডি এফ অ’ হিচাপে কৰ্মৰত পাঠক আৰ্থিক কেলেংকাৰীৰ অভিযোগত তদাৰকী শাখাৰ নিৰীক্ষণৰ আওতালৈ আহিছে।

তদন্ত সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।