NORTHEAST NOW (Assamese)

ডেভিড ৱাৰ্ণাৰক আমেৰিকাৰ মহান ফাইটাৰ ফ্লইড মেৱেডাৰৰ সৈতে তুলনা বেটিং প্ৰশিক্ষকৰ

July 5, 2020 3:06 pm · এন ই নাও নিউজ
Updated: July 5, 2020 3:07 pm

অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেন ডেভিড ৱাৰ্ণাৰক আমেৰিকাৰ মহান ফাইটাৰ ফ্লইড মেৱেডাৰৰ সৈতে তুলনা কৰিছে অষ্ট্ৰেলিয়া দলৰ বেটিং প্ৰশিক্ষক জাষ্টিন লেংগাৰে।

উল্লেখ্য যে ফ্লইড য়ু এফ চি (UFC)ৰ দুৰ্দান্ত ফাইটাৰ হিচাপে পৰিচিত। লেংগাৰে ফ্লইডৰ কথা উল্লেখ কৰি কয় যে তেওঁ পেচাগত কেৰিয়াৰত ৫০ টা বাইটত এবাৰো পৰাজিত হোৱা নাই আৰু তেওঁৰ নামত ১৫ টা বিশ্ব খিতাপ আছে।

লেংগাৰে ‍‘চেনেল নাইন’ নামৰ টিভি চেনেল এটাৰ স্প’ৰ্টছ ছানডে অনুষ্ঠানত কয়, ‍‘চাওক মই তেওঁক সমৰ্থন কৰো। অষ্ট্ৰেলিয়া টিমত ডেভিড ৱাৰ্ণাৰ থকা আৰু আপোনাৰ দলত ফ্লইড মেৱেডাৰ থকা একেই কথা’।

উল্লেখ্য যে ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন খেলত বল টেম্পাৰিং কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা ডেভিড ৱাৰ্ণাৰক ক্ৰিকেট অষ্ট্ৰেলিয়াই অধিনায়ক হোৱাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰি থৈছে।

লেংগাৰে লগতে কয়, ‍‘মই নাভাবো যে অষ্ট্ৰেলিয়া দলৰ তেওঁ নেতৃত্ব লাভ কৰিব পাৰিব, কিন্তু দলত তেওঁৰ উপস্থিতি মই ভাল পাওঁ। ৱাৰ্ণাৰ এগৰাকী বিস্ফোৰক বেটছমেন’।

উল্লেখ্য যে ৱাৰ্ণাৰৰ লগতে ষ্টিভ স্মিথকো বল টেম্পাৰিং কৰাৰ অভিযোগত দলৰ পৰা বহিস্কাৰ কৰিছিল। অৱশ্যে দুয়োৰে ওপৰত থকা নিষেধাজ্ঞা আঁতৰাত বৰ্তমান দুয়োগৰাকী ক্ৰিকেটাৰে অষ্ট্ৰেলিয়া দলত পুনৰ স্থান লাভ কৰিছে।

Related News