NORTHEAST NOW (Assamese)
অসম

মাকুমত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; বিদ্যুতৰ খুটা ভাঙি সমগ্ৰ অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 1, 2020 4:56 pm
Truck

বৃহস্পতিবাৰে নিশা ৩৮ নং ডিগবৈ-মাকুম ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

মাৰ্ঘেৰিটাৰ পৰা বিহাৰলৈ কয়লা কঢ়িয়াই নিয়া য়ু পি-৬৩ এ টি-৪৫০৬ নম্বৰৰ এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই তিনিচুকীয়া জিলাৰ মাকুমত দুৰ্ঘটনাত পতিত হয়।

কয়লা ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ গতিৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুটাত খুন্দা মাৰে।

২০ চকীয়া কয়লা ভৰ্তি ট্ৰাকখনৰ খুণ্ডাত বিদ্যুতৰ তিনিটাকৈ খুটা ভাঙি পৰে, ফলত নিশাৰ পৰা সমগ্ৰ মাকুম চহৰ আৰু দাঁ‌তিকাষৰীয়া অঞ্চলত বিজুলি সেৱা ব্যাহত হৈ পৰে।

সমগ্ৰ দেশত ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ল’কডাউন ঘোষণা কৰাত সাধাৰণ নাগৰিকৰ বাবে চলাফুৰা বন্ধ হৈ পৰিছে কিন্তু এনে সময়ত একাংশ চোৰাং কয়লা মাফিয়াই ল’কডাউনৰ সুযোগ গ্ৰহণ কৰি চোৰাং কয়লা প্ৰতিনিশা ১০ বজাৰ পৰা পুৱতি নিশা পৰ্য্যন্ত মাঘেৰিটা-লিডু-বৰগোলাই-নামদাং আদি অঞ্চলৰ অবৈধ কয়লা ডিপো সমূহৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যলৈ কয়লা সৰবৰাহ কৰি আহিছে।

এই ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসনে সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰা দেখা গৈছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে। শেহতীয়াকৈ ল’কডাউনৰ মাজত আৰম্ভ হোৱা বহুচৰ্চিত মাৰ্ঘেৰিটা লিডুৰ কয়লা চিণ্ডিকেটত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সৈতে ঘনিষ্ঠ তিনিচুকীয়া জিলাৰ এজন প্ৰাক্তন ছাত্ৰ নেতা জড়িত হৈ পৰিছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে।

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি ঘোষণা কৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।