NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত এতিয়াও কয়লাৰ অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ কংগ্ৰেছৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 17, 2019 10:51 pm

ৰাজ্যত এতিয়াও পুৰ্ণগতিত কয়লাৰ অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ আনি ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ উঠে কংগ্ৰেছ দল।

আজি ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে কয়, ‘দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বুলি কৈ অহা বিজেপিৰ আমোলত এতিয়া ৰাজ্যৰ সকলো ব্যৱসায়তে চিণ্ডিকেটৰাজ চলি আছে’।

যোৱা আগষ্ট মাহৰ পৰা ট্ৰাকেৰে কয়লা সৰবৰাহ বন্ধ ৰখা হৈছে যদিও এতিয়াও ৫খন থানা অতিক্ৰম কৰি শ শ ট্ৰাকেৰে কয়লাৰ সৰবৰাহ হৈ আহিছে বুলি উল্লেখ কৰি বড়োয়ে ইয়াৰ সৈতে আৰক্ষী প্ৰশাসনো জড়িত থকাৰ অভিযোগ আনে।

তেওঁ কয়, ‘মাত্ৰ এক সপ্তাহৰ ভিতৰত কয়লাৰ বাবে বহুতো গাত খান্দিছে। এই গাত সমূহত যিসকল লোক সোমাই তেওঁলোক আহত হোৱাৰ লগতে কেতিয়াবা মৃত্যুও হয়’।

‘বিজেপিৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই এইবোৰ দেখা নাই নেকি? নে আপুনি পোনপটীয়াকৈ ইয়াৰ লগত জড়িত? যদি নহয় এওঁলোকক সোনকালে গ্ৰেপ্তাৰ কৰক।‘ বড়োৰ দাবী।

দুৰ্গা দাস বড়োয়ে এই সমস্ত ঘটনাৰ এক চি বি আই তদন্তৰ দাবী জনায়। তদুপৰি মুখ্য মন্ত্ৰীক উদ্দেশ্য কৰি তেওঁ কয়, ‘সাংবাদিক, বিৰোধী দলৰ নেতা সকলৰ লগত যদি সাহস আছে মুখ্যমন্ত্ৰী য়ে এটা যৌথ visit ৰাখক’।

বড়োৰ মতে কয়লা চিণ্ডিকেটৰ সৈতে জড়িত থকা বিষ্ণু শৰ্মা, সাগৰ ভূঞা, প্ৰদীপ সিঙ, ৰাধা চেতিয়া, গোবিন্দ প্ৰসাদ, মিন্টু ফুকন, ৰাজু খান আদিকে ১৯ গৰাকী ব্যক্তি বিধায়ক ভাস্কৰ শৰ্মাৰ সোঁহাত।