গুৱাহাটীলৈ অনা হ’ল কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ নশ্বৰদেহ; ভূতনাথত সম্পন্ন কৰা হ’ব শেষকৃত্য
ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া, এগৰাকী স্তম্ভলেখক আৰু দেশৰ প্ৰসিদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ নশ্বৰদেহ আজি গুৱাহাটীলৈ লৈ অনা হয়।
মুম্বাইৰ পৰা বিমানযোগে লৈ অনা গোস্বামীৰ নশ্বৰদেহ কিছু সময়ৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয়। বিমান বন্দৰৰ পৰাই গোস্বামীৰ মৃতদেহ পোনে পোনে লালগণেশস্থিত নিজা বাসভৱনলৈ লৈ যায়।
আনহাতে নশ্বৰদেহৰ লগত থকা পুত্ৰ অৰ্ণৱে জানিবলৈ দিয়া অনুসৰি আজি বিয়লি ভাগত গুৱাহাটীৰ ভূতনাথ শ্মশানত গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
উল্লেখ্য যে বৃহস্পতিবাৰে মাজনিশা মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিত্সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট লেখক, ৰাজনৈতিক বিশ্লেষক তথা জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীয়ে।
১৯৯৮ চনৰ লোকসভাৰ নিৰ্বাচনত সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হাতত পৰাস্ত হোৱা মনোৰঞ্জন গোস্বামীৰ মৃত্যুত ইতিমধ্যে বহু দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।