NORTHEAST NOW (Assamese)

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা ক’ভিড নীতি-নিয়ম মানি টীয়কতো খুলিলে মহাবিদ্যালয়সমূহ

September 6, 2021 10:59 am · নিৰ্মলেন্দু পাঠক
Updated: September 6, 2021 11:38 am
ফটো: নৰ্থইষ্ট নাও।

সোমবাৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান বহু দিনৰ বিৰতিৰ পাছত ক’ভিড নীতি-নিয়ম অৱলম্বন কৰি আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

সেয়ে, আজিৰ পৰা পুনৰ ছাত্র-ছাত্ৰীৰ কোলাহলত মুখৰিত হ’ব মহাবিদ্যালয়ৰ বাকৰি। আজিৰ পৰা পুনৰ ব্যস্ত হৈ পৰিব মহাবিদ্যালয়ৰ প্ৰাংগণ, শ্ৰেণীকোঠা, কাৰ্যালয়।

টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ো চৰকাৰে বান্ধি দিয়া ক’ভিড নীতি-নিয়ম পালন কৰি আজিৰে পৰা আৰম্ভ কৰিবলৈ লৈছে নিয়মীয়া পাঠদান।

ইতিমধ্যে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ভেকচিন লোৱা শিক্ষক-কৰ্মচাৰী তথা ছাত্র-ছাত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। মহাবিদ্যালয়ৰ শ্ৰেণী কোঠা, কাৰ্যালয়, প্ৰাংগণ আদি সকলো সম্পূৰ্ণভাৱে চেনিটাইজ কৰা হৈছে।

মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ-ছাত্ৰী সকলক হেণ্ড চেনিটাইজ কৰোৱা হৈছে, মুখত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মনাৰ লগতে সকলো ক’ভিড বিধি অৱলম্বন কৰিবলৈ ইতিমধ্যে শিক্ষক-কৰ্মচাৰীৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলক বাধ্য কৰা হৈছে।

মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জনোৱা অনুসৰি আজিৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ কলা আৰু বাণিজ্য শাখা আৰু দুয়োটা শাখাৰে পঞ্চম ষান্মাষিকৰ পাঠদান সম্পূৰ্ণভাৱে নিয়মীয়াকৈ আৰম্ভ হৈছে আৰু ইতিমধ্যে এই দুটা বৰ্ষৰ মহাবিদ্যালয়ৰ প্ৰায় গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভেকচিন গ্ৰহণৰ তথ্য লাভ কৰা বুলি জানিবলৈ দিছে।

 

Related News