NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ লক্ষ্যৰে কলিয়াবৰ মহাবিদ্যালয়ত কৰ্মশালা

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 9, 2019 7:18 am
Koliabor College

কলিয়াবৰ মহাবিদ‍্যালয়ৰ পৰা সদ্যহতে শিক্ষা সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ব‍্যক্তিত্ব বিকাশৰ এক তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে কলিয়াবৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগে।

ছাত্ৰ-ছাত্ৰীৰ ব‍্যক্তিত্ব বিকাশৰ অসুবিধাৰ পৰা নিজকে মুক্ত কৰাৰ কৌশলসমূহৰ বিষয়ে চলিত কৰ্মশালাটোত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

কলিয়াবৰ মহাবিদ‍্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰা আৰু কৰিব লগীয়া শিক্ষাৰ্থীসকলৰ বাবে তিনিদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাটোত বিশিষ্ট ব‍্যক্তি ৰূপে অংশগ্ৰহণ কৰিছে চিন’ভিচ ষ্ট্ৰেটেজি প্ৰা: লি:ৰ মুখ‍্য কাৰ্য‍্যবাহী বিষয়া প্ৰদীপ ছেত্ৰীয়ে।

কৰ্মশালাটোত কলিয়াবৰ মহাবিদ‍্যালয়ৰ মুঠ ৯২ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে‌ বুলি আয়োজক সকলে জানিবলৈ দিয়ে লগতে কৰ্মশালাটোৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সকলে।

মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা এই কৰ্মশালাৰ আজি সামৰণি পৰিব বুলি জানিব পৰা গৈছে ।

তিনিদিনীয়াকৈ আৰম্ভ হোৱা এই কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথোপকথনত জনাই যে তেওঁলোকে এই কৰ্মশালাৰ জৰিয়তে নিজকে বাস্তৱ জীৱনৰ লগত খাপ খুৱাকৈ নিজৰ ব্যক্তিত্ব বিকশিত কৰা আৰু দক্ষ নিয়োগ ব‍্যক্তিত্ব গঢ়াৰ লক্ষ‍্যৰে যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে।