NORTHEAST NOW (Assamese)

মূল্যবৃদ্ধিৰ মাধমাৰ! একেবাৰতে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িল ২৫০টকা

April 1, 2022 10:20 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

দেশত মূল্যবৃদ্ধিৰ গতি যেন থমকি ৰোৱাৰ কোনো লক্ষণেই নাই। এইবাৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম একেবাৰতে বৃদ্ধি কৰা হ’ল ২৫০টকা। ইয়াকে লৈ বিগত দুমাহত ১৯ কেজিৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰায় ৩৫০টকা বৃদ্ধি পালে।

স্বাভাৱিকতে হোটেল ব্যৱসায়ীৰ লগতে পৰোক্ষভাৱে পণ্যৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু সাধাৰণ জনতাই ইয়াৰ পৰিণাম ভূগিব।

লগতে পঢ়ক: আমেৰিকাৰ সকীয়নি! আকৌ চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰিলে ৰাছিয়াই ভাৰতক সহায় নকৰে

শুকুৰবাৰৰ পৰা দিল্লীত ১৯ কেজিৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ ২,২৫৩টকা বিক্ৰী হ’ব। যোৱা দুমাহত এই চিলিণ্ডাৰৰ দাম ৩৪৬ টকা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে যোৱা ১ মাৰ্চত এই চিলিণ্ডাৰৰ দাম ১০৫টকা বৃদ্ধি কৰা হৈছিল। তাৰপিছতে যোৱা ২২ মাৰ্চত মাত্ৰ ৯টকা হ্ৰাস কৰা হয় যদিও এইবাৰ পুনৰ ২৫০ টকা বৃদ্ধি কৰা হ’ল।

লগতে পঢ়ক: ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী; বিতৰ্কৰ মাজত বিৰোধী ঐক্য

অৱশ্যে, ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম এইবাৰ বৃদ্ধি কৰা নাই। কিন্তু যোৱা মাহৰ আৰম্ভণিতে ১৪কেজিৰ এই চিলিণ্ডাৰৰ দাম ৫০টকা বৃদ্ধি কৰা হৈছিল। গুৱাহাটীত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১০০০টকা অতিক্ৰম কৰিছে।  

Related News