NORTHEAST NOW (Assamese)

ধুমুহা-বৰষুণতো কৰ্তব্য পালন কৰা জোৱান মিঠুন দাসক সম্বৰ্ধনা আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ

April 2, 2019 6:09 pm · দুৰ্লভ গগৈ
Updated: April 2, 2019 6:40 pm
ফটোৰ উৎস : ছ'চিয়েল মিডিয়া।

ধুমুহা-বৰষুণ সত্ত্বেও উন্মুক্ত প’ডিয়ামত থিয় হৈ অবিচলভাৱে কৰ্তব্য পালন কৰি সকলোৰে দৃষ্টি কঢ়া যান-বাহন আৰক্ষীৰ জোৱান মিঠুন দাসক আজি সম্বৰ্ধনা জনায় গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে। বিষয়াজনে নিজৰ কাৰ্য্যালয়তে এখন মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায় মিঠুন দাসক।

সম্বৰ্ধনা গ্ৰহণ কৰি যান-বাহন আৰক্ষীৰ জোৱানজনে কয় যে দুপৰীয়া সময়খিনিত বশিষ্ট চাৰি আলিত যান-বাহনৰ যথেষ্ট ভিৰ থাকে আৰু দুৰ্ঘটনা হ’ব পাৰে বুলিয়ে প্ৰতিকূল পৰিস্থিতি সত্ত্বেও তেওঁ দায়িত্বৰ পৰা আঁতৰাৰ কথা নাভাবিল।

উল্লেখযোগ্য যে ৩১ মাৰ্চত দুপৰীয়াৰ সময়ত ধুমুহা-বৰষুণৰ মাজতো জোৱানজনে বশিষ্ঠ চাৰি আলিৰ উন্মুক্ত (ওপৰত কোনো আচ্ছাদন নথকা) প’ডিয়ামত থিয় হৈ দায়িত্ব পালন কৰি গৈছিল। বিৰল দায়িত্ববোধ দাঙি ধৰা জোৱানজনৰ কৰ্তব্য পালনৰ এই দৃশ্য বন্দী হোৱা ভিডিঅ’ এটা ছ’চিয়েল মিডিয়া আৰু অন্যান্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত তেওঁক প্ৰশংসাৰে ওপচাই পেলায় সৰ্বস্তৰৰ নাগৰিকে।

ইপিনে জোৱানজনক নিজৰ এটা টুইট যোগে প্ৰশংসা কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়ায়ো। অসম আৰক্ষীয়েও বিভাগটোৰ টুইটাৰ হেণ্ডেলত জোৱানজনলৈ চেল্যুট দিয়ে এইদৰে “We salute AB Constable Mithun Das (Basistha PS)”.

কিন্তু জোৱানজনৰ বিৰল পৰ্য্যায়ৰ দায়িত্ববোধ প্ৰকাশ পোৱাৰ বিপৰীতে একেটা ঘটনাই আৰক্ষী বিভাগটোৰ অকৰ্মণ্যতাৰ স্বৰূপো উদঙাই দিয়ে। বশিষ্ট চাৰি আলিৰ দৰে এটা অতি ব্যস্ত স্থানত ট্ৰেফিক পইণ্টৰ আচ্ছাদনবিহীন প’ডিয়াম বিভাগটোৰ দায়িত্বহীনতাৰ এটা উদাহৰণ বুলিব পাৰি।

জোৱানজনে কঠিন পৰিস্থিতিতো নিজৰ কৰ্তব্যৰ পৰা বিচ্যুত নহ’লেও তেওঁক এই পৰিস্থিতিটোত পেলোৱা বিভাগটো ক’ৰবাত নিশ্চয় বিচ্যুত হৈছে। সাহিত্যক, গল্পকাৰ আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ দৃষ্টিয়ে বিভাগটোৰ এইবোৰ দৃষ্টিকটু দিশ স্পৰ্শ কৰাটো বাঞ্ছনীয় নহয়নে?

Related News