NORTHEAST NOW (Assamese)

জাগুনৰ গ্রেনেড বিস্ফোৰণত নিহত সুৰজ হাজঙৰ মাতৃৰ হাতত তিনি লাখ টকাৰ চেক প্রদান

May 13, 2021 6:33 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অধীনৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কথা আদৰ্শ গাঁ‌ৱত  হোৱা গ্রেনেড বিস্ফোৰণত নিহত সুৰজ হাজঙৰ পৰিয়াললৈ অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা পূঁজিৰ তিনি লাখ টকাৰ চেক আজি প্রদান কৰা হয় ।

জিলা উপায়ুক্ত দিগন্ত শইকীয়াৰ পৰা প্রাপ্ত চেক খন মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি সম্প্রীতি গোস্বামী, চক্ৰ বিষয়া এছ চুতীয়া, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্রতিনিধি আনন্দ শৰ্মা, সমাজ কৰ্মী ভৱেশ দত্ত সহ এটা প্ৰতিনিধি দলে আজি নিহত সুৰজ হাজঙৰ গৃহত উপস্থিত হৈ  সুৰজৰ মাতৃ দীপালী হাজঙৰ হাতত প্রদান কৰে ।

উল্লেখ্য যে কথা আদৰ্শৰ সমীপৰ হাজং  গাঁ‌ৱৰ  সুৰজ হাজং নামৰ ১২ বছৰীয়া কিশোৰ জন  যোৱা ১১মে’ৰ পুৱা গাওঁ‌ খনৰ গাতে লাগি থকা  বুঢ়ীদিহিং নদীৰ পাৰৰ শিলৰ ওপৰেৰে চাইকেললৈ নদীত গা ধুবলৈ যাওঁ‌তে শিলৰ মাজত পৰিত্যক্ত অৱস্থাত থকা এটা গ্রেনেডত চাইকেলৰ চকাৰ চেপা খোৱাৰ ফলত বিস্ফোৰণ ঘটিছিল।

এই ঘটনাত সুৰজ গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈছিল আৰু  মাৰ্ঘেৰিটা অহামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল ।

অসম অৰণাচলৰ সীমান্তৰ এই অঞ্চল সমূহ উগ্রপন্থী সংগঠনৰ  সদস্যৰ সঘন আহ যাহৰ অন্যতম কেন্দ্র ৰুপে বিবেচিত হৈ আহিছে।

অন্যহাতে ঘটনা সংঘটিত স্থানত কিছু বছৰ পূৰ্বে সেনা আৰু উগ্ৰপন্থী সংগঠনৰ মাজত সংঘৰ্ষ হৈছিল ।

উগ্রপন্থী সদস্যৰ হাতৰ পৰা কিম্বা সেনাৰ হাতৰ পৰা  গ্রেনেডটো উক্ত স্থানত পৰি ৰৈছিল আৰু উক্ত দিনা দুৰ্ভগীয়া লৰাজনৰ চাইকেল চকাৰ চেপা গ্ৰেনেডটো বিস্ফোৰণ হয় বুলি সন্দেহ কৰিছে স্থানীয় গাওঁবাসীয়ে |

সপ্তম শ্রেণীৰ ছাত্র জন শোকাৱহ ভাবে বিস্ফোৰণত মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই সমগ্র অঞ্চলত শোকৰ ছাঁ পৰে।

Related News