NORTHEAST NOW (Assamese)

প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপনৰ পিছৰে পৰা সন্ধানহীন চীনৰ টেনিছ তাৰকা

November 18, 2021 1:25 pm · এন ই নাও নিউজ,গুৱাহাটী

চীনৰ কমিউনিষ্ট পাৰ্টীৰ এগৰাকী প্ৰভাৱশালী নেতা তথা দেশ খনৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ঝাং গাওলিৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা একপ্ৰকাৰৰ অজ্ঞাতবাস গ্ৰহণ কৰিছে টেনিছ তাৰকা পেং ছুৱাই।

যোৱা ২ নৱেম্বৰত টেনিছ তাৰকা পেঙে ছ’চিয়েল মিডিয়াত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ঝাং গাওলিৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰি এটা পোষ্ট দিছিল।

অৱশ্যে পোষ্টটো দিয়াৰ আধা ঘণ্টাৰ পিছতে টেনিছ তাৰকাগৰাকীয়ে সেয়া ডিলিট কৰিছিল।

কিন্তু নিমিষৰ ভিতৰতে পোষ্টটো ভাইৰেল হৈ পৰিছিল। ছ’চিয়েল মিডিয়াৰ পোষ্টেটোত পেঙে কৈছিল যে প্ৰায় ১০ বছৰ আগতে যেতিয়া তেওঁৰ বয়স ২৫ বছৰ আছিল তেতিয়াই প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা চীনৰ কমিউনিষ্ট দলৰ নেতা ঝাং গাওলিয়ে তেওঁৰ ওপৰত যৌন উৎপীড়ন চলাইছিল।

সেই সময়ত ৬৫ বছৰীয়া গাওলিয়ে টেনিছ তাৰকাগৰাকীক ঘৰলৈ নিমন্ত্ৰণ কৰি নি সেই অপকৰ্ম কৰিছিল।

টেনিছ তাৰকাগৰাকীয়ে উল্লেখ কৰা অনুসৰি গাওলিয়ে বহু বছৰলৈ তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাই গৈছিল।

যৌন নিৰ্যাতন চলোৱাৰ সময়ত গাওলিৰ পত্নীয়ে কোঠাৰ বাহিৰত ৰৈ থাকি দুৱাৰত পহৰা দি আছিল বুলিও পেঙে প্ৰকাশ কৰিছিল।

এনে স্বীকাৰোক্তিৰ পিছৰে পৰা টেনিছ তাৰকা পেং দীৰ্ঘদিন ধৰি লোকচক্ষুৰ সন্মুখলৈ অহা নাই। চীনৰ ৱমেনছ টেনিছ এছোচিয়েচনে আজি এই বুলি প্ৰকাশ কৰিছে যে বহু চেষ্টা কৰিও তেওঁলোকে পেঙৰ সৈতে যোগাযোগ কৰিব পৰা নাই।

ইপিনে পেঙে এটা বিবৃতি প্ৰকাশ কৰি তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাত থকা বুলি কৈছে যদিও সেই বিবৃতিটো প্ৰকৃততে পেঙে দিয়া বিবৃতি হয় নে নহয় তাকে লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে।

Related News