NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সংগীতানুষ্ঠান বাতিল, চিকিৎসালয়ত ভৰ্তি : কি হৈছে ছুপাৰষ্টাৰ ছাকিৰাৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2025 2:26 pm

শাৰীৰিকভাবে অসুস্থ হৈ পৰিছে কলম্বিয়াৰ  বিখ্যাত সংগীতশিল্পী ছাকিৰা। শাৰীৰিক অসুস্থতাৰ বাবে বাতিল কৰা হৈছে দেওবাৰে লিমাত অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠান।

জানিব পৰা মতে, পেটৰ ৰোগত আাক্ৰান্ত হৈছে ছাকিৰা। দেওবাৰে বিয়লি ছাকিৰাই নিজৰ ইনষ্টাগ্ৰাম আৰু এক্স একাউণ্টত এক বিবৃতি শ্বেয়াৰ কৰি কয় যে তেওঁ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু চিকিৎসকে তেওঁক জনাইছে যে তেওঁ সংগীত পৰিৱেশন কৰিব পৰা অৱস্থাত নাই।

ছাকিৰাই লিখিছে, “ মই দুঃখিত যে আজি মই মঞ্চত উঠিব নোৱাৰিম। শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসকে মোক অনুষ্ঠান পৰিৱেশনৰ অনুমতি দিয়া নাই। মোৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক পেৰুত পুনৰ লগ পাম।”

উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া পেৰুত উপস্থিত হৈছিল গায়িকাগৰাকী। তেওঁ তাত দেওবাৰ আৰু সোমবাৰে গীত পৰিৱেশন কৰাৰ কথা আছিল।

নিজৰ বিবৃতিত ছাকিৰাই কয় যে তেওঁ অতি সোনকালে সুস্থ হোৱাৰ আশা কৰিছে।

“মোৰ পৰিকল্পনা হৈছে এই অনুষ্ঠানটো যিমান পাৰি সোনকালে পৰিবেশন কৰা। মোৰ দল আৰু প্ৰমোটাৰে ইতিমধ্যে নতুন তাৰিখৰ কথা আলোচনা কৰি আছে।”- ছাকিৰাই কয়।

ছাকিৰাৰ উক্ত বিবৃতিত হাজাৰ হাজাৰ নেটিজেনে ছাকিৰাৰ আশু আৰোগ্য কামনা কৰিছে।